অসম

assam

ETV Bharat / state

৩,০৯৪ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং - সহাৰি

এদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত ভাগ লয় আৰু এই অনুষ্ঠানতে এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং, গুৱাহাটীত ঘোষণা নিৰ্মলা সীতাৰমণৰ
ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং, গুৱাহাটীত ঘোষণা নিৰ্মলা সীতাৰমণৰ

By

Published : Oct 7, 2021, 7:09 PM IST

গুৱাহাটী, ৭ অক্টোবৰ : গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ এখন ফ'ৰলেনযুক্ত দলঙৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে ৩,০৯৪ কোটি টকা অনুমোদন জনাইছে । বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই দলঙে মূল গুৱাহাটীৰ সৈতে শুৱালকুছি, আমিনগাঁও আৰু বৰঝাৰ বিমানবন্দৰক সংযোগ কৰিব । নলবাৰী আৰু বৰপেটা জিলাৰ বাসিন্দাও এই দলঙৰ পৰা উপকৃত হ’ব ।

ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং, গুৱাহাটীত ঘোষণা নিৰ্মলা সীতাৰমণৰ

উল্লেখযোগ্য যে, এদিনীয়া ভ্ৰমণসূচী লৈ আজি অসমলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত ভাগ লয় আৰু এই অনুষ্ঠানতে এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । কলাক্ষেত্ৰত আজি বিত্তমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা "সঁহাৰি" নামৰ লোকসেৱা অধিকাৰ ৱেব প'ৰ্টেলটো । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও উপস্থিত থাকে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ।

এই প'ৰ্টেলৰ জড়িয়তে এতিয়াৰে পৰা ৰাইজে ঘৰত বহিয়েই বিভিন্ন চৰকাৰী সেৱা লাভ কৰিব পাৰিব । প্ৰায় ৪৭ টাতকৈও অধিক সেৱাৰ সুবিধা ৰাইজে ল’ব পাৰিব এই প'ৰ্টেলৰ পৰা । ৰাজ্য চৰকাৰৰ ১৬ টা বিভাগক এই প'ৰ্টেলে সামৰি ল’ব । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যৰে এই কাম আৰম্ভ হৈছে । বিশ্ববেংকে ইয়াৰ বাবে আগবঢ়োৱা ঋণৰ ৮০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব ৷

ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং, গুৱাহাটীত ঘোষণা নিৰ্মলা সীতাৰমণৰ

আনহাতে, প'ৰ্টেলটো মুকলি কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে, ক'ভিড সৈতে যুঁজ দি এটা দীঘলীয়া সময় পাৰ কৰাৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰে সকলো ক্ষেত্ৰতে আন্তগাঁঠনি অধিক শক্তিশালীকৈ গঢ়ি তোলাত অধিক গুৰুত্ব দিছে । অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই আৰু ইয়াৰ বাবে তেওঁ অসম চৰকাৰৰ শলাগো লয় । চৰকাৰী সেৱা সমূহ সমাজৰ সৰ্বস্তৰলৈ লৈ যোৱাৰ বাবে আজি মুকলি কৰা এই ব্যৱস্থাও ইয়াৰে এটা অংশ । আমোলা আৰু ৰাজনীতিক দুয়োপক্ষই একেলগে কাম কৰিলেহে বিকাশ আৰু উন্নয়ন সম্ভৱ বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়কঃ পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

ABOUT THE AUTHOR

...view details