অসম

assam

ETV Bharat / state

আজি অভি-নীলৰ মৃত্যুবাৰ্ষিকী

দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডই সম্পূৰ্ণ কৰিলে এটা বছৰ ৷ আজিও ন্যায়ৰ অপেক্ষাত অভি নীলৰ পিতৃ মাতৃ ৷

আজি অভি-নীলৰ মৃত্যুবাৰ্ষিকী

By

Published : May 29, 2019, 10:09 PM IST

Updated : May 29, 2019, 11:46 PM IST

গুৱাহাটী,29 মে': কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ ঘাতকৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল নিলোৎপল দাস আৰু অভিজিৎ নাথে । দিনটো পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত কাৰ্বি আংলঙৰ কাংঠিলাংচুত প্ৰায় অৰ্ধ শতাধিক লোকৰ বৰ্বৰতাৰ বলি হৈছিল দুই বন্ধু নিলোৎপল আৰু অভিজিৎ। কিন্তু আজিও অসম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷ ন্যায়পালিকাৰ দীঘলীয়া প্ৰক্ৰিয়াই শংকিত কৰি তুলিছে অভি-নীলৰ পিতৃ-মাতৃক ৷ নিজ পুত্ৰৰ হত্যাকাৰীৰ শাস্তিৰ বাবে অপেক্ষা কৰি পাৰ পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই ৷ সময়ৰ সোঁত আৰু বিচাৰৰ দীঘলীয়া প্ৰক্ৰিয়াই পুত্ৰ হত্যাকাৰীক মুকলি আকাশৰ তললৈ নিব বুলি আশংকা কৰিছে অভি-নীলৰ পৰিয়ালৰ ৷

আজি অভি-নীলৰ মৃত্যুবাৰ্ষিকী
Last Updated : May 29, 2019, 11:46 PM IST

ABOUT THE AUTHOR

...view details