অসম

assam

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা নীলমণিৰ

By

Published : May 18, 2022, 9:22 PM IST

প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'দলতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক বহিষ্কাৰ কৰাৰ কথা সদৰি কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক উভতি ধৰিলে জ্যেষ্ঠ নেতা নীলমণিসেন ডেকাই (Nilamonisen Deka react on APCC decision) । এতিয়াও বহু অভিযোগ তথ্য সহকাৰে মজুত আছে। প্ৰয়োজনত সকলো তথ্য ৰাজহুৱা কৰাৰ হুংকাৰ নীলমণিসেন ডেকাৰ ।

nilamonisen-deka-react-on-apcc-decision
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা নীলমণিৰ

গুৱাহাটী,১৮ মে' : দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত আজি কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক । উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'দলতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ আজি দিনৰ ভাগত প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক বহিষ্কাৰ কৰাৰ কথা সদৰী কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক উভতি ধৰিছে নীলমণিসেন ডেকাই (Nilamonisen Deka react on APCC decision)।

প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ‘পাগল' হোৱা বুলি মন্তব্য কৰে । তেওঁ কয় যে বিভিন্ন সময়ত দলৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ উত্থাপন কৰা অভিযোগসমূহ দলৰ আন জ্যেষ্ঠ নেতায়ো উত্থাপন কৰিছে । কিন্তু প্ৰদেশ কংগ্ৰেছে তেওঁক বহিষ্কাৰৰ সিদ্ধান্ত লোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেকাই কয় যে তেওঁৰ হাতত ধুমুহাৰ সৃষ্টি কৰিব পৰা বিস্ফোৰক তথ্য আছে ।

তেওঁক ততাতৈয়াকৈ বহিষ্কাৰৰ সিদ্ধান্ত লৈ এই সকল নেতাই 'গাধ'ৰ দৰে কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে দলীয় সংবিধানৰ ক’তোৱেই কোনো অভিযুক্তক কৈফিয়ৎ তলৱ আৰু কৈফিয়তত সন্তুষ্ট নহ’লে নিলম্বন নকৰাকৈ বহিষ্কাৰ কৰা বা চূড়ান্ত শাস্তি প্ৰদানৰ ব্যৱস্থা নাই । অথচ পোনচাতেই তেওঁক দল বিৰোধী কাৰ্যকলাপত লিপ্ত বুলি কৈ বহিষ্কাৰৰ ঘোষণা কৰা হৈছে বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি তেওঁ কি দল বিৰোধী কাৰ্য কৰিছে সেয়া ৰাজহুৱা কৰক । তেওঁৰ হাতত এতিয়াও বহু অভিযোগ তথ্য সহকাৰে মজুত আছে বুলি সদৰি কৰি তেওঁ কয় যে কোনে কোনে পইছা খাইছে, কোনে পইছা খাই লৈ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিও ঘূৰাই দিয়া নাই সেই সকলোবোৰ ৰেকৰ্ড তেওঁৰ হাতত আছে । প্ৰয়োজন হ’লে এইবোৰো ৰাজহুৱা কৰিম বুলি তেওঁ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

ABOUT THE AUTHOR

...view details