অসম

assam

ETV Bharat / state

বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান - জেহাদীৰ স্লিপাৰ চেল

অসমৰ বৰপেটা জিলাৰ দুটাকৈ স্থানত NIAৰ অভিযান (NIA operation in Barpeta)। জেহাদী সংগঠনত যোগদান কৰিবলৈ আৰু ভাৰতত আল-কায়েদাৰ আধাৰ সৃষ্টিৰ বাবে স্লিপাৰ চেলত কাম কৰিবলৈ প্ৰভাৱশালী যুৱক-যুৱতীসকলক নিয়োগ কৰাৰ অভিযোগত চলোৱা হৈছিল এই তালাচী । অভিযানত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ ।

NIA
বৰপেটাত NIAৰ অভিযান

By

Published : May 22, 2022, 11:17 AM IST

গুৱাহাটী,২২ মে' :শেহতীয়াকৈ জেহাদীৰ প্ৰসংগত সোমাই পৰিছে অসমৰ বৰপেটা জিলাৰ নাম । জিলাখনত জেহাদীৰ স্লিপাৰ চেলসমূহ সক্ৰিয় বুলি বিভিন্ন মহলে দাবী কৰি আহিছে । শেহতীয়াকৈ জিলাখনৰ পৰা জেহাদীৰ সন্দেহত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে ।

সম্প্ৰতি ভাৰতৰ তদন্তকাৰী সংস্থা এন আই এয়ে এই বিষয়ত এক তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ মাজতে বৰপেটা জিলাৰ দুটাকৈ স্থানত শনিবাৰে এন আই এয়ে চলালে অভিযান (NIA operation in Barpeta)। জেহাদীৰ প্ৰতি যুৱক-যুৱতীসকলক আকৰ্ষিত কৰাৰ লগতে যোগদানৰ বাবে স্লিপাৰ চেলে কাম কৰি থকা সন্দৰ্ভত এক গোচৰৰ ভিত্তিত NIAয়ে জিলাখনত অভিযান চলায় ।

জানিব পৰা মতে আনছাৰুল্লাহ বাংলা দলৰ গোচৰ (Ansarullah Bangla Team case) সম্পৰ্কত এই অভিযান চলোৱা হৈছিল । অভিযোগ অনুসৰি আনছাৰুল্লাহ বাংলা দলে অল-কায়দাৰ হৈ কাম কৰি আছিল । বিশেষকৈ ভাৰতত এই সংগঠনৰ ভেঁটি শক্তিশালী কৰাৰ বাবে এজন বাংলাদেশীয়ে অসমৰ বৰপেটাৰ পৰা কাম কৰি আছিল ।

সূত্ৰৰ মতে বাংলাদেশী নাগৰিকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু যুৱক-যুৱতীসকলক জেহাদী সংগঠনত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল । ভাৰতত আল-কায়েদাৰ আধাৰ সৃষ্টি কৰাৰ বাবে "আনছাৰ" (স্লিপাৰ চেলমডিউল)ত কাম কৰিবলৈ নিয়োগ, প্ৰশিক্ষণ আৰু অনুপ্ৰেৰিত কৰাত সক্ৰিয় ভূমিকা লৈছিল বাংলাদেশী নাগৰিকজনে । গোচৰটো প্ৰথমতে ৪ মাৰ্চত বৰপেটা জিলাত পঞ্জীয়ন কৰা হৈছিল আৰু ২২ মাৰ্চত এনআইএয়ে পুনৰ পঞ্জীয়ন কৰিছিল ।

বৰপেটাত চলোৱা তালাচীৰ সময়ত এন আই এৰ দলটোৱে প্ৰশিক্ষণ আৰু অন্যান্য আপত্তিজনক নথিপত্ৰ প্ৰদানৰ বাবে ব্যৱহৃত জেহাদী সম্পৰ্কীয় পুথি জব্দ কৰে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশীৰ আক্ৰমণৰ বলি বি এছ এফ জোৱান

ABOUT THE AUTHOR

...view details