গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: বিতৰ্কিত নামনি সোৱণশিৰিৰ নদীবান্ধৰ নামনিৰ অংশত ব্যাপক হাৰত সোৱণশিৰি নদীৰ গৰা খহনীয়াই নৈপৰীয়া জনতাক আতংকিত কৰি আহিছে ৷ তাৰ মাজতে আহিছে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে বান্ধ নিৰ্মাণকাৰী সংস্থা NHPC য়ে প্ৰকল্পৰ কাম মঞ্জুৰ কৰাৰ এটা বাতৰি ৷ নদীবান্ধৰ নামনি অঞ্চলত খহনীয়া ৰোধৰ বাবে মুঠ ১৮৯.০৫ কোটি টকা ব্যয়ৰে ১৬ টা স্থানত প্ৰকল্পত ধন মঞ্জুৰ কৰিছে NHPC য়ে ৷
সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগুৱে ৷ মন্ত্ৰী পেগুৱে সামাজিক মাধ্যমত সদৰী কৰিছে, “আজি NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক শ্ৰী বিপিন গুপ্তাৰ সৈতে বাৰ্তালাপ কৰি নিশ্চিত কৰোঁ যে সোৱণশিৰি বান্ধৰ নামনি এলেকাত ভীমপৰা, ঘূণাসুঁতি আৰু পূৱ তেলাহী পঞ্চায়তত ১৮৯.০৫ কোটি টকা ব্যয়েৰে ১৬টা খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ কাম মঞ্জুৰ কৰা হৈছে । NHPCয়ে ইতিমধ্যে নিবিদা আহ্বানৰ কাম আৰম্ভ কৰিছে ।” বান্ধৰ নামনিৰ ৩০ কিলোমিটাৰৰ বাহিৰত NHPCৰ দ্বাৰা খহনীয়া সুৰক্ষা কামৰ ব্য়ৱস্থা কৰা হৈছে বুলি মন্ত্ৰী ৰণোজ পেগুৱে সদৰী কৰিছে ৷
বালিভেটাৰ বাওঁফালৰ পাৰ আৰু ঘাগৰ কলাখোৱাৰ সোঁপাৰৰ ৯০০ মিটাৰকৈ খহনীয়া প্ৰতিৰোধৰ বাবেও ১৩.৮৬ কোটি টকাকৈ ধাৰ্য কৰা হৈছে । একেদৰে সোৱণশিৰিৰ সোঁপাৰৰ হেকেৰাজানৰ ৯০০ মিটাৰৰ প্ৰতিৰোধৰ বাবে ১৩.৩ কোটি টকা, সোঁপাৰৰ সোণোৱাল গাঁৱৰ ১০০০মিটাৰৰ খহনীয়া ৰোধৰ বাবে ১৫.৪ কোটি টকা মঞ্জুৰ কৰিছে NHPC য়ে ৷
ইয়াৰ উপৰিও, সোঁপাৰৰ মাইজান এলেংৰিৰ ৯০০ মিটাৰ পাৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ১৩.৮৬ কোটি টকা, সোঁপাৰৰ ঘনচৰাইৰ এটা অংশৰ ৫০০ মিটাৰৰ বাবে ৭.৭২ কোটি টকা, ঘনচৰাইৰ আন এটা অংশৰ ১ কিঃমিঃৰ খহনীয়া প্ৰতিৰোধৰ বাবে ১৫.৪ কোটি টকা মঞ্জুৰ কৰা হৈছে ৷