নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ উদ্ধোধন কৰা দলঙৰ শোচনীয় অৱস্থা
চাৰি কোটি টকীয়া এখন দলং ৷ পাঁচ মাহতে যাতায়াতৰ অনুপযোগী হ'ল দলংখন ৷ বাৰিষাৰ পানীয়ে উটুৱাই নিয়াৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ থাওৰা সমষ্টিৰ এই দলংখনে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে ৷
APSC ৰ নিযুক্তি কেলেংকাৰী: বুধবাৰে পুনৰ ৯ বিষয়ালৈ জাননী
২০১৩ বৰ্ষত লোকসেৱা আয়োগ(APSC) ৰ চাকৰি লাভ কৰা ৯ গৰাকী সন্দেহজনক বিষয়ালৈ বুধবাৰে পুনৰ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ১৫ দিনৰ ভিতৰত তেওঁলোকক আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ । মঙলবাৰে জাননী জাৰি কৰা হৈছিল ১০ জন বিষয়ালৈ ।
হেল নৈৰ পাৰ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা
ধুবুৰীৰ বিলাসীপাৰাত এম জি এনৰেগা আঁচনি (MGNERGA SCHEME) ৰ অধীনত কেইবাটাও আঁচনি ৰূপায়ানেৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম পূৰ্ণ গতিত চলিছে । প্ৰতিৰোধৰ কাম চলি থকাৰ ফলত সম্প্ৰতি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বস্তিৰ নিশ্বাস লৈছে নৈপৰীয়া ৰাইজে ৷
দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস
বাক্সাৰ মুছলপুৰত ৫২ খনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ উপস্থিতিত কৃষক সকলৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷
কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?
বুধবাৰে অনুষ্ঠিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন মন্ত্ৰীসভাৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠক ৷ উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটত বিধায়ক পদ্ম হাজৰিকা(Padma hazarika)ক কেবিনেটৰ পদ মৰ্যদা প্ৰদান কৰা হয় ৷