1. কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?
নতুন সভাপতি বাচনিৰ বিষয়টোত গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব এখোজ আগুৱাই দুখোজ পিছুৱাব লগীয়া হৈছে ৷ কিয়নো 2024 ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি দল এইজন নতুন সভাপতিৰ নেতৃত্বতে অৱতীৰ্ণ হ'ব লাগিব ।
2.আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান
মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)ত শিশুৰ সাল সলনি অভিযোগ। পিতৃ আজিম আলি আৰু মাতৃ আচমা বেগমৰ অভিযোগ অনুসৰি সাল সলনি হৈছে তেওঁলোকৰ সন্তান। পৰিয়ালতোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। চিকিৎসালয় কৰ্তৃপক্ষক ইতিমধ্যে অভিযোগ দাখিল কৰিছে পৰিয়ালৰটোৱে ।
3.লালু প্ৰসাদৰ আগমনে কেনে প্ৰভাৱ পেলাব বিহাৰৰ ৰাজনীতিত ?
দিল্লীৰ পৰা সুস্থহৈ অতি শীঘ্ৰে বিহাৰলৈ আহিব আৰজেডি (RJD)ৰ শীৰ্ষ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ । তেওঁৰ আগমনৰ খবৰ পোৱাৰ লগে লগে বিহাৰৰ ৰাজনীতিত পুনৰ গৰম বতাহ বলিছে । বিভিন্নজনে আশা কৰা মতে বিহাৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন হ'ব নেতাগৰাকীৰ আগমনত ।
4.৭ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIAৰ
তেহৰিক-উল-মুজাহিদীনৰ ৭টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই । দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ বাবে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰা আৰু জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কুৱেইটত থকা সহযোগী সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসজনিত কাৰ্য সম্পাদন কৰা সহযোগ কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ।
5.বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ Business Economics
বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ প্ৰকাশ কৰা হৈছে 'Business Economics' নামৰ এখনি উন্নত মানৰ গ্ৰন্থ । অধ্যাপক ড° কিশোৰ সিং ৰাজপুত, অধ্যাপক ড° সম্পত মুখাৰ্জী আৰু অধ্যাপক ডি.কে. সাহাৰ তত্বৱধানত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন ।