অসম

assam

ETV Bharat / state

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ ব্যাপক সঁহাৰি - নতুন অসমীয়া ছবি অস্তিত্ব

অসমীয়াৰ জাতিসত্বাক মূল আলম হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন ইতিমধ্যেই আকোঁৱালি লৈছে দৰ্শকে । শনিবাৰে মালিগাঁৱৰ প্ৰাগজ্যোতিষ ছবিগৃহত দৰ্শকৰ শাৰীত বহি ছবিখন উপভোগ কৰে অস্তিত্বৰ সহকাৰী পৰিচালক জীম কালামে ৷

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

By

Published : Nov 9, 2019, 7:25 PM IST

গুৱাহাটী, 9 নৱেম্বৰঃকাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিছত ছবিগৃহলৈ আহিল নতুন অসমীয়া ছবি 'অস্তিত্ব'। ঘাট-প্ৰতিঘাট তথা সমাজৰ বাস্তৱ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, পৰিচালনা মিৰ্জা আৰিফ হাজৰিকাৰ আৰু প্ৰযোজনা কৰিছে নাজিম আহমেদে । মুক্তিৰ প্ৰথম দিনাৰ দৰ্শনীৰ দৰে দ্বিতীয় দিনাও দৰ্শকৰ সঁহাৰি লাভ কৰিছে 'অস্তিত্ব'ই । অসমীয়াৰ জাতিসত্বাক মূল আলম হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন ইতিমধ্যেই আকোঁৱালি লৈছে অসমীয়া ৰাইজে । শনিবাৰে মালিগাঁৱৰ প্ৰাগজ্যোতিষ ছবিগৃহত দৰ্শকৰ শাৰীত বহি ছবিখন উপভোগ কৰে অস্তিত্বৰ সহকাৰী পৰিচালক জীম কালামে । দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰাৰ কথাও জানিবলৈ দিয়ে সহকাৰী পৰিচালকগৰাকীয়ে । তাৰোপৰি ছবিখন ৰাইজে আকোঁৱালি ল'লে পৰৱৰ্তী সময়ত পুনৰ উচ্চমানৰ ছবি অসমীয়া ৰাইজক উপহাৰ দিব বুলি কলে জীম কালামে ।

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

আনহাতে, ছবিখনৰ কাহিনী আৰু অভিনয় খুবেই ভাল হোৱা বুলি কয় দৰ্শকে । বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা ছবিখনে দৰ্শকক মনোৰঞ্জন দিয়াত সফল হৈছে । উল্লেখযোগ্য যে, ছবিখনত বিশিষ্ট অভিনেতা বিভূতি হাজৰিকা, ব্ৰজেন বৰা, সিদ্ধাৰ্থ মুখাৰ্জীকে ধৰি বহু ন-পুৰণি শিল্পীয়ে একেলগে অভিনয় কৰিছে । অস্তিত্বক অসমীয়া ৰাইজ আকোঁৱালি লওঁক তাৰেই কামনা কৰিছে ছবিখনৰ কলা-কুশলীয়ে ।

ABOUT THE AUTHOR

...view details