অসম

assam

By

Published : Sep 22, 2019, 7:13 PM IST

ETV Bharat / state

মহানগৰীৰ ছাত্ৰী নিৰ্যাটনৰ ঘটনাঃ সাক্ষ্য গ্ৰহণ কৰিলে অভিযোগকাৰী জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ

মহানগৰীৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য ৷ জ্যেষ্ঠ লোকৰে যৌন সম্পৰ্ক কৰিলে বেমাৰ ভাল হোৱাৰ মিছা সান্ত্বনা দি খুৰাকে ছাত্ৰীগৰাকীৰ ওপৰত চলাইছিল যৌন আতিশয্য ৷

মহানগৰীৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ

গুৱাহাটী , 22 চেপ্তেম্বৰঃ মহানগৰীৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ ৷ পোহৰলৈ আহিছে নতুন নতুন তথ্য ৷
ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী কৰি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই অভিযোগ উত্থাপন কৰে যে , জ্যেষ্ঠ লোকৰে যৌন সম্পৰ্ক কৰিলে ছাত্ৰীগৰাকীৰ বেমাৰ ভাল হোৱাৰ মিছা সান্ত্বনা দি খুৰাকে ছাত্ৰীগৰাকীৰ ওপৰত যৌন আতিশয্য চলাই আহিছিল ৷ ভূক্তভোগী ছাত্ৰীগৰাকীৰ খুৰাক আৰু জেঠুয়েকক গ্ৰেপ্তাৰৰ পিছতে ঘটনাৰ অভিযোগকাৰী জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰে পাণবজাৰ আৰক্ষীয়ে ৷ দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত শৰ্মাই ছাত্ৰী গৰাকীৰ আত্মীয়ৰ বিৰুদ্ধে আনে বহু ভয়ংকৰ অভিযোগ ৷ উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই গৌতম শৰ্মাই কয় যে আইনৰ যিসমূহ সুৰুঙা আছে গোটেইবোৰ বন্ধ কৰি এই ঘটনাটোৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে আৰু ছোৱালীগৰাকীয়ে উত্থাপন কৰা ভয়ংকৰ অভিযোগবোৰৰ অতি সোনকালে উচ্চ পৰ্যায়ৰ আৰু খৰতকীয়া তদন্ত হ'ব লাগে ৷ চতুৰ্থ অসম বেটেলিয়ানত কৰ্মৰত তথা শীৰ্ষ বহু আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে সু-সম্পৰ্ক থকা ছাত্ৰীগৰাকীৰ খুৰাক থানেশ্বৰ সন্দিকৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আনজন অভিযুক্ত দেৱশীষ ডেকা এতিয়াও পলাতক ৷

মহানগৰীৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ

ABOUT THE AUTHOR

...view details