অসম

assam

ETV Bharat / state

ৰাজনৈতিক দলৰ বৰ্দ্ধিত সংখ্যাই বিশৃংখলতাৰ সৃষ্টি কৰিবঃ জোনমণি দেৱী খাউণ্ড

ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশক লৈ মুঠেও সন্তুষ্ট নহয় জ্যেষ্ঠ অধিবক্তা জোনমণি খাউণ্ড । তেওঁৰ মতে, অধিক ৰাজনৈতিক দলে সমাজত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে । বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৰাজনৈতিক দলসমূহে অৱলম্বন কৰা নিৰ্বাচনী কৌশলক তীব্ৰ সমালোচনা কৰে জোনমণি খাউণ্ডে ।

By

Published : Dec 5, 2020, 10:26 PM IST

ৰাজনৈতিক দলৰ বৰ্দ্ধিত সংখ্যাই বিশৃংখলতাৰ সৃষ্টি কৰিবঃ জোনমণি দেৱী খাউণ্ড
ৰাজনৈতিক দলৰ বৰ্দ্ধিত সংখ্যাই বিশৃংখলতাৰ সৃষ্টি কৰিবঃ জোনমণি দেৱী খাউণ্ড

গুৱাহাটী, ৫ ডিচেম্বৰ: অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি শেহতীয়াকৈ ৰাজ্যত নতুনকৈ গঠন হৈছে বহুকেইটা ৰাজনৈতিক দল । এই নৱগঠিত দল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ডে । তেওঁ কয় যে, 'ৰাজনৈতিক দলৰ বৰ্দ্ধিত সংখ্যাই সমাজত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে ।' বিষয়সমূহৰ গভীৰতালৈ নগৈ ৰাজনৈতিক চিন্তা চৰ্চা কৰাটো ভুল বুলিও উল্লেখ কৰে তেখেতে ।

ৰাজনৈতিক দলৰ বৰ্দ্ধিত সংখ্যাই বিশৃংখলতাৰ সৃষ্টি কৰিবঃ জোনমণি দেৱী খাউণ্ড

লগতে সাম্প্ৰতিক সময়ৰ ৰাজনীতিক লৈ তেওঁ মুঠেও সন্তুষ্ট নহয় বুলিও মত প্ৰকাশ কৰে । বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ নামত সাংস্কৃতিক অনুষ্ঠান সদৃশ পৰিৱেশ সৃষ্টি কৰিছে বুলিও কটাক্ষ কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

ৰাজ্যৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰি বৰ্তমান নিৰ্বাচনী সভাক সাংস্কৃতিক মঞ্চলৈ ৰূপান্তৰিত কৰাটো এক অশুভ লক্ষ্য বুলি মন্তব্য প্ৰকাশ কৰিলে সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে । ইফালে ৰাজনৈতিক দলত যোগদান সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জোনমণি দেৱী খাউণ্ডে । লগতে বিজেপি দলত তেওঁ বৰ্তমান যোগদান কৰাৰ সিদ্ধান্ত লোৱা নাই বুলিও প্ৰকাশ কৰে ।

লগতে পঢ়ক:চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

ABOUT THE AUTHOR

...view details