গুৱাহাটী, ২৮ আগষ্ট :ৰাজ্যৰ ছটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পিছতে বড়োভূমিৰ দুই ৰাজনৈতিক মহাৰথী হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ঠিকনা সলনি হোৱাটো প্ৰায় চূড়ান্ত হৈ পৰিছে । ইতিমধ্যে, দুয়োজন নেতাৰ ৰাজনৈতিক ঠিকনা সলনিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সুকীয়া সুকীয়াকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে ।
ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া এনে পৰিবৰ্তনৰ খবৰে একপ্ৰকাৰ তোলপাৰৰ সৃষ্টি কৰিছে বিজেপি, বি পি এফ আৰু ইউ পি পি এলৰ আভ্যন্তৰত । প্ৰাপ্ত খবৰ অনুসৰি বড়োভূমিৰ দুটা সমষ্টি তামুলপুৰ আৰু গোঁসাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন আৰু বি টি আৰ পৰিষদত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হ’বলগীয়া শক্তি পৰীক্ষাক কেন্দ্ৰ কৰিয়েই এই নতুন ৰাজনৈতিক বিন্যাস বিজেপিয়ে আৰম্ভ কৰিছে ৷