অসম

assam

ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত দুচকীয়া গাড়ীত 10 টকা - assam news

প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা,তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 20 টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে 50 টকাৰ লগতে অতিৰিক্ত জি এছ টিও দিব লাগিব

গুৱাহাটী ৰে'লৱে ষ্টেচনত দুচকীয়া গাড়ীত 10 টকা

By

Published : Jul 29, 2019, 7:23 PM IST

গুৱাহাটী, 29 জুলাইঃ গুৱাহাটী ৰে'ল ষ্টেচনত যান বাহন চালকসকলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটৰ ওপৰত বাহন সমূহ ৰখাই থলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটতকৈ অধিক সময় অৰ্থাৎ প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 20 টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে 50 টকাৰ লগতে অতিৰিক্ত জি এছ টিও দিব লাগিব।

গুৱাহাটী ৰে'লৱে ষ্টেচনত দুচকীয়া গাড়ীত 10 টকা
তাৰোপৰি দুঘণ্টতাকৈ অধিক সময় যান বাহনসমূহ ৰখাই থলে চালক সকলে প্ৰতিঘণ্টাত দুচকীয়া বাহনত 5 টকা,তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 10 টকা আৰু গধুৰ যান বাহনত 25 টকাকৈ আদায় দিব লাগিব ৷ উল্লেখ্য যে,গুৱাহাটী ৰে'ল ষ্টেচনত যান-বাহনৰ পৰা পাৰ্কিঙৰ ধন সংগ্ৰহ কৰিবলৈ ৰে'ল কতৃপক্ষই এক ঠিকা আবন্টন দিছে অসম চিমেনষ্টিল ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোক । আনহাতে, এই নতুন পাৰ্কিং ব্যৱস্থাক সঁহাৰি জনাইছে গাড়ী চালকসকলে ।

ABOUT THE AUTHOR

...view details