অসম

assam

ETV Bharat / state

পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ - মুখ্য সচিব জিষ্ণু বৰুৱা

কৰ'ণাৰ নতুন সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ । ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশাৱলীত আছে কেতবোৰ নতুন নিয়ম । মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এই নতুন নিৰ্দেশাৱলী শুকুৰবাৰৰ পৰা বলবৎ হ’ব সমগ্ৰ ৰাজ্যতে ।

নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ
নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

By

Published : Dec 25, 2020, 10:49 AM IST

গুৱাহাটী, ২৫ ডিচেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু কমিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে মহামাৰীবিধৰ পৰা সম্পূৰ্ণৰূপে উপশম পোৱা দূৰৰে কথা পুনৰ কৰ'ণা ভাইৰাছৰ নতুনকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ নতুন সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা ঘটনাই সমগ্ৰ বিশ্বকে আতংকিত কৰি তুলিছে । এনে অৱস্থাত অসমত যাতে ই ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিয়মাৱলী । মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এই নতুন নিৰ্দেশ আজিৰে পৰা বলবৎ হ’ব সমগ্ৰ ৰাজ্যতে ।

ক'ভিড প্ৰট'কলৰ বাবে নতুন নিৰ্দেশ

এই নতুন নিৰ্দেশ অনুসৰি নৱবৰ্ষক আদৰাৰ নামত কোনেও ক'তো বিশাল অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব, কোনো অনুষ্ঠানতে ৫০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব, ধৰ্মীয় তথা মাংগলিক অনুষ্ঠান সমূহ নিজ নিজ ঘৰত পালন কৰিব লাগিব আৰু মাস্ক, চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক ।

কিন্তু এইখিনিতে প্ৰশ্ন হয় Covid নিয়ন্ত্ৰণৰ নামত চৰকাৰে সাধাৰণ জনতাৰ বাবে এইলানি কঠোৰ নিয়ম বান্ধি দিছে যদিও ৰাজনৈতিক সভা সমিতি সমূহৰ বিষয়ে কিন্তু চৰকাৰ নিমাত । উদাহৰণস্বৰূপে ২৬ ডিচেম্বৰত আমিনগাঁৱত অনুষ্ঠিত হ'বলগীয়া অমিত শ্বাহৰ সভাত হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ কথা । সেই বিষয়ে কিন্তু চৰকাৰৰ নতুন গাইডলাইনত কোনো কথাই উল্লেখ নাই ।

লগতে পঢ়ক:অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details