গুৱাহাটী, 28 ছেপ্টেম্বৰ: ৰাজ্যত নতুন যান বাহন আইন কাৰ্যকৰী হোৱাৰ পাছতে ৰাজপথত দেখা গৈছে ৰাইজৰ তৎপৰতা ৷ ৰাজ্যত বলবৎ হোৱা নতুন আইন যান বাহন আইনে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক । নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছতে এতিয়া ব্যাপক ভিৰ দেখা গৈছে প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত সমূহত ৷ প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি হাহাকাৰ যান বাহনৰ গৰাকীৰ। কামৰূপ জিলাৰ আমিনগাঁওৰ প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত ৰাতিপুৱাৰ পৰা দেখা গ'ল দীঘলীয়া শাৰী। ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰিও লাভ কৰিব পৰা নাই প্ৰদূষণৰ প্ৰমাণ পত্ৰ । তাকে লৈ এতিয়া খঙত ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে ।
প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাইজৰ হাহাকাৰ - যান বাহন আইন
ৰাজ্যত বলবৎ হোৱা নতুন আইন যান বাহন আইনে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক। নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছতেই প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত সমূহ ৰাইজৰ ভিৰ
প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাইজৰ হাহাকাৰ
উল্লেখযোগ্য যে, নতুন যান বাহন আইনে ইতিমধ্যে সমগ্ৰ দেশত ব্যাপক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷