অসম

assam

ETV Bharat / state

ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ - মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প

সোমবাৰে ৰাইজৰ দলত যোগদান কৰে LDP দলৰ দুই সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দিৱস ফুকন আৰু ধ্ৰুৱ জ্যোতি ফুকনে ৷ দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে LDP দলৰ ৰাজ্যিক সাংগঠনিক সম্পাদকে ধৰি মহিলা মৰ্চাৰ লগতে প্ৰায় ডেৰশতাধিক কৰ্মীয়ে ৷

as_ghy_01_raijor_dol_joining_img_7209319
ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

By

Published : Nov 9, 2020, 2:26 PM IST

গুৱাহাটী,9 নৱেম্বৰ: "অসমৰ জনগনে ৰাইজৰ দলক মাত্ৰ পাঁচটা বছৰ সময় দিয়ক ৷ ৰাইজৰ দলে এখন সুস্থ সৱল আৰু ৰাইজৰ বাবে কাম কৰা চৰকাৰ ৰাইজক উপহাৰ দিব ৷ যদি দলক ৰাইজে বেয়া পাই তেনেহলে ইয়াৰ পিছৰ নিৰ্বাচনত শাসনৰ পৰা উফৰাই পঠিয়াব ৷" এই মন্তব্য নতুনকৈ ৰাইজৰ দলত যোগদান কৰা লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ দিৱস ফুকনৰ ৷

ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

সোমবাৰে মহানগৰীৰ মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এখন জনসভাত দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে LDP দলৰ দুই সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দিৱস ফুকন আৰু ধ্ৰুৱ জ্যোতি ফুকনৰ লগতে দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপম বৰুৱা,সুৰুয বৰুৱা,কৌশিক বিশ্বাস,কোঁচ ৰাজবংশী উন্নয়ন কোষৰ সভাপতি অভিজিত তালুকদাৰকে আদি কৰি দলটোৰ মহিলা মৰ্চাৰ ভালেকেইগৰাকীও কৰ্মীৰ লগতে প্ৰায় ডেৰশতাধিক কৰ্মীয়ে ৷

ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

ইপিনে সোমবাৰৰ যোগদান অনুষ্ঠানত দলটোৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াৰ মন্তব্য-"ৰাইজৰ দলক অসমৰ সকলো জাতীয়তাবাদী, আঞ্চলিকতাবাদী আৰু প্ৰগতিশীল লোকৰ ঐক্যমঞ্চ ৰূপে গঢ় দিব খোজা হৈছে ৷ ৰাইজৰ দলক আমি অসমবাসীৰ পৰিচয় আৰু স্বাৰ্থ ৰক্ষাৰ আপোচবিহীন মঞ্চৰূপে গঢ় দিব খুজিছো ৷ অসমবাসীৰ জাতীয় পৰিচয়ক প্ৰত্যাহ্বান জনোৱা আৰু অসমৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা সকলো শক্তিৰ বিৰুদ্ধে আমি সংসদীয়, অৰ্থনৈতিকভাৱে আৰু জাতীয় ঐক্যবদ্ধ সংগ্ৰামৰূপে থিয় হ’ব খোজো ৷"

উল্লেখ্য যে সোমবাৰে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগ দিয়াৰ পাছতেই LDPৰ দুই সাধাৰণ সম্পাদক ক্ৰমে দিৱস ফুকন আৰু ধ্ৰুৱজ্যোতি ফুকনক দলৰ ৰাজ্যিক আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

লগতে পঢ়ক:নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

ABOUT THE AUTHOR

...view details