নিউজ ডেস্ক, 27 জুলাই : ৰাজ্যত মঙলবাৰৰ পৰা পুনৰ ক’ভিড (Covid) সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি কৰিছে ৰাজ্য চৰকাৰে । কাইলৈ অৰ্থাৎ বুধবাৰৰ পুৱা 5 বজাৰ পৰা ৰাজ্যজুৰি বলৱৎ হ’ব এই নতুন নীতি-নিৰ্দেশনা । সেই অনুসৰি পুনৰ পৰৱৰ্তী এসপ্তাহৰ বাবে যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জ’ন (Containment Zone) হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । নতুন SOPত উল্লেখিত অনুসৰি, বৰ্তমানেও গোলাঘাট আৰু লখিমপুৰ জিলাত ক’ভিড সংক্ৰমণৰ মাত্ৰা পূৰ্বতকৈ বৃদ্ধি পাইছে ৷
ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা গোলাঘাট আৰু লখিমপুৰ জিলাত 24 ঘণ্টাই সান্ধ্য আইন (Curfew) জাৰি কৰা হৈছে ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা মধ্যমীয়া হোৱা গোৱালপাৰা, মৰিগাঁও, যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আংশিক লক ডাউন শিথিল কৰি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন ৷ আনহাতে বাকী থকা 28 খন জিলাত ক’ভিডত আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পোৱাৰ বাবে এই জিলাকেইখনত বিয়লি 5 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ সান্ধ্য আইন প্ৰযোজ্য থাকিব ৷
উল্লেখ্য যে, সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাত কৰ্মক্ষেত্ৰ, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা আংশিকভাৱে হ্ৰাস পোৱা জিলা কেইখনত দিনৰ 1 বজালৈ কৰ্মক্ষেত্ৰ, ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব ৷ তদুপৰি ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা জিলাসমূহত আবেলি 4 বজালৈ কৰ্মক্ষেত্ৰ, ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷
নতুন SOP অনুসৰি, চৰকাৰী অনুষ্ঠান আৰু ব্যক্তিগত কাৰ্যালয়সমূহ ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাসমূহত সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা আংশিকভাৱে হ্ৰাস পোৱা জিলাসমূহত দিনৰ 1 বজালৈ চৰকাৰী অনুষ্ঠান আৰু ব্যক্তিগত কাৰ্যালয়সমূহ খোলা থকাৰ লগতে ক’ভিড সংক্ৰমণৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পোৱা জিলাত আবেলি 4 বজালৈ চৰকাৰী অনুষ্ঠান আৰু ব্যক্তিগত কাৰ্যালয় খোলা থাকিব ৷
লগতে পঢ়ক :নতুন ক'ভিড SOP প্ৰকাশঃ ৫ খন জিলাত শিথিল লকডাউন
ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাত দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা মধ্যমীয়া হোৱা জিলাত দিনৰ 1 বজালৈ দোকান-পোহাৰ খোলা থাকিব ৷ ইয়াৰোপৰি ক’ভিডত আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পোৱা জিলাসমূহত আবেলি 4 বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব ৷
গেলামাল, ফল-মূল, শাক-পাচলি, গাখীৰ আদিৰ দোকানসমূহ ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা জিলাত আবেলি 5 বজালৈ খোলা থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা মধ্যমীয়া হোৱা জিলাতো এই দোকানসমূহ আবেলি 5 বজালৈ খোলা থাকিব ৷ আনহাতে ক’ভিড সংক্ৰমণৰ মাত্ৰা হ্ৰাস পোৱা জিলাত আবেলি 4 বজালৈ খোলা থাকিব এই দোকানসমূহ ৷
ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাসমূহত ৰেষ্টুৰেণ্ট (Resturant), ধাবা আৰু অন্যান্য় হোটেলসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা মধ্যমীয়া হোৱা জিলাত দিনৰ 1 বজালৈ হোটেলসমূহ খোলা থাকিব আৰু ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা জিলাসমূহত আবেলি 4 বজালৈ হোটেলসমূহ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷
ইয়াৰ বিপৰীতে ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাত হোটেল, ৰেষ্টুৰেণ্টৰ পৰা খাদ্য লৈ যোৱা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা মধ্যমীয়া হোৱা জিলা কেইখনত এই প্ৰক্ৰিয়া দিনৰ 1 বজালৈ প্ৰযোজ্য হ’ব ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা জিলাত আবেলি 4 বজালৈ হোটেল, ৰেষ্টুৰেণ্টৰ পৰা খাদ্য লৈ যাব পাৰিব গ্ৰাহকে ৷
ক’ভিড সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা জিলাসমূহত বিক্ৰী কেন্দ্ৰ, শ্বপিং মল, শ্ব’ৰুম আদি সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ক’ভিড সংক্ৰমণৰ মাত্ৰা মধ্যমীয়া হোৱা জিলাসমূহত দিনৰ 1 বজালৈ খোলা থাকিব এই প্ৰতিষ্ঠানসমূহ ৷ আনহাতে ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা জিলাত আবেলি 4 বজালৈ বিক্ৰী কেন্দ্ৰ, শ্বপিং মল, শ্ব’ৰুম খোলা ৰখাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷ অৱশ্যে 31 জুলাইলৈকে আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷
লগতে পঢ়ক :মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ