চোৰৰ আধাৰত নিৰ্মাণ হ’ল অসমীয়া ছবি গুৱাহাটী, ২৩ আগষ্ট: অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । শেহতীয়াকৈ আহি এটা আছে এটাৰ পিচত আনটো নতুন ছবি ৷ এতিয়া শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি ‘মই এটি নিশাচৰ’ । ‘‘ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্র উন্নয়ন নিগম’’ আৰু ‘‘ৰেড ৰিভাৰ এণ্ড ব্লু হিলচ্’’ৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ছবি ‘মই এটি নিশাচৰ’ ।
বিদ্যুত কটকীৰ পৰিচালনাত নিৰ্মাণ হৈছে ‘মই এটি নিশাচৰ’ ছবিখন । এইখিনিতে উল্লেখ কৰিব লাগিব যে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ৮০ দশকৰ এটা পুৰণি গল্পৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে ‘মই এটি নিশাচৰ’ নামৰ এই ছবিখনৰ দৃশ্যগ্ৰহণৰ সকলো কাম শেষ হৈছে । প্ৰায় ২০ দিনত সম্পূৰ্ণ কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম ।
ইফালে ছবিখনত ভিডিঅ’গ্ৰাফী কৰিছে চাৰি বাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক মধু অম্বাদে । লকডাউনৰ সময়চোৱাত এই ছবিখনৰ পৰিকল্পনা কৰিছিল চলচ্চিত্ৰখনৰ পৰিচালক বিদ্যুত কটকীয়ে । ছবিখনৰ কাহিনী মূলতঃ এজন চোৰক লৈ । কেনে পৰিস্থিতিত পৰি এজন ব্যক্তিয়ে চোৰৰ বৃত্তি বাছি লয় সেয়া ছবিখনৰ মূল কাহিনী । ছবিখনত অভিনয় কৰিছে অভিনেতা প্রাঞ্জল শইকীয়া, জ্যোতি নাৰায়ণ নাথ, অৰুণ হাজৰিকা, হিৰণ্য ডেকা, গুণমণি বৰুৱা, অৰ্ঘ্যদ্বীপ বৰুৱা, অভিনেত্রী নিকুমণি বৰুৱা, পূর্ণিমা পাঠক, ড'ৰথী ভৰদ্বাজ আদিকে ধৰি ন-পুৰণি বহু কলা-কুশলীয়ে ।
মঙলবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থীত হোটেল দ্যা কল্যাণীজ অনুষ্ঠিত হয় এটি অন্তৰংগ আলাপ অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ পৰিচালক বিদ্যুৎ কটকী, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, অভিনেতা প্রাঞ্জল শইকীয়া, অতুল পাচনি, অৰুণ হাজৰিকা, হিৰণ্য ডেকা আদিকে ধৰি ছবিখনৰ কলা-কুশলী সকল । ছবিখনক লৈ আশাবাদী ছবিখনৰ কলা-কুশলী, তথা পৰিচালক । এতিয়া এই ছবিখনে দৰ্শকৰ পৰা কেনে সঁহাৰি লাভ কৰে সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক:Rima Das new film: শীঘ্ৰেই অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ তৰা’ছ হাজবেণ্ড