অসম

assam

ETV Bharat / state

Assamese film Dadagiri: নতুন অসমীয়া ছবি দাদাগিৰী, কোন কোন থাকিব অভিনয়ত ? - গীতাৱলী ৰাজকুমাৰী

অসমীয়া চিনেমাজগতত সংযোজন হ’ব এখন নতুন অসমীয়া ছবি ‘দাদাগিৰী’ৰ । PR বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ডিম্বেশ্বৰ গগৈয়ে পৰিচালনা আৰু কাহিনীৰে নিৰ্মাণ হ’ব লগা ছবিখনৰ আজি পোষ্টাৰ মুকলি কৰা হয় ।

New Assamese film Dadagiri's poster released at Jyoti Chitrabon Film Studio
শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি দাদাগিৰী

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 12:44 PM IST

শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি দাদাগিৰী

গুৱাহাটী, 17 অক্টোবৰ: অসমীয়া ছবিজগতলৈ আহিছে ইটোৰ পিচত সিটোকৈ ভাল খবৰ ৷ ইখনৰ পিচত সিখনকৈ মুকলি হৈছে নতুন অসমীয়া ছবি ৷ এতিয়া অতি শীঘ্ৰেই ছবিগৃহলৈ আহিব আন এখন নতুন ছবি ৷ ছবিখনৰ নাম ‘দাদাগিৰী’ । সোমবাৰে জ্যোতি চিত্ৰৱনত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ । PR Production ৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি “দাদাগিৰী” পৰিচালনা কৰিছে ডিম্বেশ্বৰ গগৈয়ে ।

ছবিখনত অভিনয় কৰিছে প্ৰবীৰ ৰাজখোৱা, ৰাজীৱ গোস্বামী, গীতাৱলী ৰাজকুমাৰী, মুনমী ফুকন, নির্মালি বৰা, কৰৱী শৰ্মা, কৃষ্ণোৰ বিধান, ডাঃ প্ৰদ্যুত প্ৰতিম বৰুৱাকে ধৰি বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে । অসমৰ গাঁৱৰ পটভূমিত নিৰ্মাণ কৰা হৈছে ছবিখন । এটুকুৰা মাটি আৰু তাৰ লগত জড়িত হৈ থাকে বহু আবেগ । সেই ভূতি বা মাটিত যেতিয়া বহিৰাগতই দখল কৰিব আহে কিছু নিজৰ মানুহ লগত লৈ আৰু তেতিয়া সৰু সৰু মানুহৰ মনত কিছু বিক্ষোভৰ সৃষ্টি হয় । তেতিয়াই সৃষ্টি হয় "দাদাগিৰীৰ" । মূলতঃ ভূমিকেন্দ্ৰিক সংঘাত, প্ৰেম-ভালপোৱা, হাঁহি-কান্দোন ইত্যাদি বিষয়বস্তুৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ছবিখন ৷

উক্ত পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অভিনেতা ভৱেশ দাস, গৰিমা শইকীয়া গাৰ্গকে ধৰি বহু বিশিষ্ট ব্যক্তি । ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা ভৱেশ দাসে কয়,‘‘দাদাগিৰীৰ আজি পোষ্টাৰ মুকলি হৈছে । দাদাগিৰী এখন ভাল সফল ছবি হওক । অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহু আগুৱাই যাওক আৰু তাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব । দাদাগিৰী মুক্তি লাভ নকৰালৈকে আমি দাদাগিৰী টীমৰ লগত আছোঁ ।’’

আনহাতে ছবিখনৰ সন্দৰ্ভত মন্তব্যই কৰি গৰিমা শইকীয়া গাৰ্গে কয়,‘‘খুৱ ভাল এখন ছবি আহিব বুলি আশা কৰিছোঁ । অসমীয়া ছবিয়ে ভাল কৰক সেইটোয়ে আমি বিচাৰো । বাণিজ্যিক ভাৱে অসমীয়া ছবি যথেষ্ট সফল হৈছে, ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো স্বীকৃতি লাভ কৰিবলৈও সক্ষম হৈছে । দৰ্শককো ছবিখন আদৰি ল’বলৈ আহ্বান জনোৱাৰ লগতেই গঠনমূলক সমালোচনা কৰিবলৈ আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে ।

লগতে পঢ়ক:Paul Phukan: সদ্য মুক্তি প্ৰাপ্ত ছবি বীৰৰ সম্পৰ্কে কি ক’লে অভিনেতা পল ফুকনে

ABOUT THE AUTHOR

...view details