গুৱাহাটী, 4 জানুৱাৰীঃ 2020 বৰ্ষৰ পহিলা মাহতে অসমৰ আঞ্চলিক ৰাজনৈতিক পথাৰত খোজ দিলে এটি নতুন ৰাজনৈতিক দলে। বিজেপিক উৎখাত কৰাৰ লক্ষ্য আগত ৰাখি গঠন কৰা হয় এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো । 2015 বৰ্ষত নিৰ্মাণ হোৱা অসম সংগ্ৰামী মঞ্চই এতিয়া খোজ দিলে সক্ৰিয় ৰাজনীতিত এক সংবাদমেল যোগে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে সক্ৰিয় ৰাজনীতিত খোজ দিয়াৰ কথা ঘোষণা কৰে ।
এই সংবাদমেলতে অদীপ কুমাৰ ফুকনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে । হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল মহন্তৰ মন্ত্ৰীত্বতকৈও নিকৃষ্ট আখ্যা দিয়ে সৰ্বানন্দ সোণোৱালক। তেওঁ লগতে কয় যে, অসম চুক্তিৰ মতে চৰকাৰ কৰি এতিয়া অসম চুক্তিক উলংঘা কৰিছে বিজেপি চৰকাৰে, গতিকে এই চৰকাৰ অসমৰ স্বাৰ্থত গঢ় লোৱা চৰকাৰ নহয়। সেইবাবে বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চ গঠন কৰা হৈছে ৷ ইয়াৰোপৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই অহা নিৰীহ কিশোৰক হত্যা কৰাৰ পিচত তদন্ত ঘোষণা নকৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে অদীপ কুমাৰ ফুকনে । তদুপৰি ৰাইজৰ হকে মাত মাতি অহা সংগ্ৰামী ব্যক্তি সকলক গ্ৰেপ্তাৰ কৰি দমন কৰা কাৰ্যক গৰিহণা দিয়ে কাৰ্যকৰী সভাপতি গৰাকীয়ে । তেওঁ লগতে কয় যে, বিভিন্ন সময়ত বিকল্প ৰাজনৈতিক দল গঠনৰ কথা চিন্তা চৰ্চা চলি আছে । গতিকে যদি ভৱিষ্যতে শক্তিশালী বিকল্প ৰাজনৈতিক দল গঠন কৰা হয় তেন্তে অসম সংগ্ৰামী মঞ্চ সদায় লগত থাকিব ৷ বিজেপি চৰকাৰক প্ৰতিহত কৰিবৰ বাবে যি পন্থা হাতত ল'ব লাগে তেনে পন্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰিলে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷