অনিৰ্দ্দিষ্ট কাললৈ খাছীয়া-জয়ন্তীয়া পাহাৰলৈ তেল যোগান বন্ধ ! গুৱাহাটী,১৩ ডিচেম্বৰ:উত্তৰ-পূৱৰ চুবুৰীয়া ৰাজ্য মেঘালয় প্ৰশাসনৰ বিৰুদ্ধে উত্তৰ-পূৱ পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদৰ অংশস্বৰূপে মেঘালয়ৰ খাছীয়া পাহাৰ আৰু জয়ন্তীয়া পাহাৰলৈ বন্ধ কৰি দিয়ে ডিজেল, পেট্ৰ'লৰ, LPG ৰ যোগান । বিনা দোষতে মেঘালয় প্ৰশাসনে কাৰাবন্দী কৰি ৰখা সতীৰ্থৰ মুক্তিৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
সংগঠনটোৱে উল্লেখ কৰা অনুসৰি ২৪ নৱেম্বৰত AS 01 NC 6917 (IOCL), ML 11 0678 (IOCL), ML 05 R 8500 (HPCL), AS 01 PC 2722 (BPCL) নম্বৰৰ ৪ খন ট্ৰেংকাৰসহ ৪ জন চালক ক্ৰমে শংকু বৰা, মুৰুলি মাধৱ, জিতেন্দ্ৰ কুমাৰ ৰায়, বাইজা সিঙক মেঘালয় আৰক্ষীয়ে প্ৰথমে বেয়াকৈ মাৰধৰ কৰিছিল । ইয়াৰ পিছতে বিনা দোষত গ্ৰেপ্তাৰ কৰি মেঘালয়ৰ জেললৈ প্ৰেৰণ কৰে ।
এই ঘটনাৰ পিছত ২৯ নৱেম্বৰত চৰকাৰীভাৱে মেঘালয়ৰ চৰকাৰৰ লগত সংগঠনটো এক আলোচনাত মিলিত হয় । সেই আলোচনা মৰ্মে মেঘালয় চৰকাৰে ভুল মানি লৈ গ্ৰেপ্তাৰ কৰা ৪ জন লোকক মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি পৰ্যন্ত ৪ জনকৈ সতীৰ্থক মুকলি কৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত ১২ ডিচেম্বৰৰ পৰা সংগঠনটোৱে বন্ধ কৰি দিয়ে তেলৰ যোগান ।
আনহাতে যদিহে ৪ জন লোকক অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে তেনেহল খাছীয়া আৰু জয়ন্তীয়া পাহাৰৰ লগতে সমগ্ৰ মেঘালয় তথা উত্তৰ-পূৱত তেলৰ যোগান বন্ধ কৰি দিয়া হ'ব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে । প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
লগতে পঢ়ক:উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনলৈ সাজু AAP