অসম

assam

ETV Bharat / state

Neel Pawan Baruah passes away: আজন্ম প্ৰেমিক শিল্পীৰ বিদায়

নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত । তেওঁৰ পিতৃ 'ধ্বনি কবি'ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ হৈছে লাৱণ্যপ্ৰভা বৰুৱা (Neel Pawan Baruah Dies) ।

Neel Pawan Baruah passes away
বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

By

Published : Oct 28, 2022, 4:18 PM IST

Updated : Oct 28, 2022, 4:27 PM IST

নিউজ ডেস্ক, ২৮ অক্টোবৰ : এটা দিনৰ ব্যৱধানত দুটাকৈ বেয়া খবৰে জোকাৰি গ'ল অসমবাসীক । সাংস্কৃতিক জগতৰ পিছত এইবাৰ শূন্যতা অসমৰ শিল্প জগতত । 'চিৰ নতুন' দুটা 'ন' নিপন গোস্বামীৰ পিছত এইবাৰ নীলপৱন বৰুৱাই ৰাজ্যবাসীক কন্দুৱাই গুচি গ'ল । নিপন গোস্বামীৰ (Nipon Goswami dies) পিছে পিছে এইবাৰ অনন্তধামলৈ গতি কৰিলে চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Neel Pawan Baruah passes away) । শুকুৰবাৰে বিয়লি ৩.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

উল্লেখ্য, যোৱা ২১ ছেপ্টেম্বৰত হঠাতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা (Prominent painter Neel Pawan Baruah) । কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২১ ছেপ্টেম্বৰৰ মাজনিশাই তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Neel Pawan Baruah admitted in GMCH) । তেতিয়াৰে পৰাই ICU-তে চিকিৎসকৰ নিৰীক্ষণত আছিল শিল্পীগৰাকী ।

নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত । তেওঁৰ পিতৃ 'ধ্বনি কবি'ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ হৈছে লাৱণ্যপ্ৰভা বৰুৱা । নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণৰ পাছত কলেজীয়া শিক্ষাৰ প্ৰতি মন মেলা নাছিল । তাৰ পৰিৱৰ্তে খেতি-বাতি আৰু সামাজিক কামতে মনোনিবেশ কৰাৰ সিদ্ধান্ত লয় ।

কিন্তু সৰুৰে পৰা তেওঁৰ চিত্ৰশিল্পৰ প্ৰতি এক ধাউতি আছিল । প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তিনিকেতনত শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আৰু তেতিয়াৰ কলিকতালৈ যায় । অৱশ্যে প্ৰথমতে তেওঁৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা গ্ৰহণ কৰা । কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি তেওঁ চিত্ৰকলালৈ আকৰ্ষিত হয় । তাৰ পিছত তেওঁৰ পচন্দৰ বিষয় কৃষিৰ পৰা আঁতৰি আহি চিত্ৰকলা শাখাত শিক্ষা গ্ৰহণ কৰে ।

১৯৬১ চনত শান্তিনিকেতনত নামভৰ্তি কৰিছিল নীলপৱন বৰুৱাই । অৱশ্যে তেওঁৰ শিক্ষা জীৱনৰ পথ একেবাৰে মসৃণ নাছিল । কেইবাটাও প্ৰচেষ্টাৰ মূৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ দৰে স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতেও প্ৰয়োজনতকৈ বেছি সময় লৈছিল । শান্তি নিকেতনৰ চিত্ৰকলাৰ শিক্ষা সাং কৰি উঠি তেওঁ শ্ৰীনিকেতনৰ পৰা glazed pottery বিষয়ত শিক্ষা লয় । পৰৱৰ্তী সময়ত নীলপৱন বৰুৱাই নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংনৰ শিক্ষা গ্ৰহণ কৰে ।

১৯৬৬ চনত নীলপৱন বৰুৱা কলিকতাৰ পৰা অসমলৈ ঘূৰি আহে আৰু পিতৃৰ ইচ্ছানুসৰিয়েই 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ চাকৰিত যোগ দিয়ে । ইয়াৰ পিছত তেওঁ ১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে । উল্লেখ্য, অসমত ব্যক্তি খণ্ডত চিত্ৰশিল্পৰ বিদ্যালয় স্থাপনৰ বাটকটীয়া হৈছে নীলপৱন বৰুৱা । তেৱেঁই অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় 'বসুন্ধৰা কলা নিকেতন' স্থাপন কৰে । ইয়াৰ পাছৰে পৰা নীলপৱন বৰুৱাই চিত্ৰশিল্পকে তেওঁৰ জীৱনৰ অন্যতম ব্ৰত আৰু সাধনা হিচাবে গ্ৰহণ কৰি মৃত্যুৰ আগমুহূৰ্তলৈকে এই কলাৰ লগত জড়িত হৈ থাকে ।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমী অব আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমী', ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে । তেওঁ অংকন কৰা ছবিয়ে 'ললিত কলা একাডেমী, দিল্লী'ত অসমক প্ৰতিনিধিত্ব কৰিছে ।

১৯৮২ চনত নীলপৱন বৰুৱাই অসমৰ লোককলা আৰু বৈষ্ণৱ মুখাশিল্পৰ ওপৰত এখন তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে । উক্ত মুখাশিল্পৰ কৰ্মশালাত মাজুলীৰ মুখাশিল্পীয়ে অংশগ্ৰহণ কৰিছিল । আনহাতে, নীলপৱন বৰুৱাই বৃন্দাবনী বস্ত্ৰৰ যি বয়নশিল্প তাক পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল ।

উল্লেখ্য, নীলপৱন বৰুৱাৰ চিত্ৰশৈলী একক আৰু অনন্য আছিল । তেওঁ 'চাৰমিনাৰ' চিগাৰেট আৰু জুইশলাৰ বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে । নীলপৱন বৰুৱাই নিজে উল্লেখ কৰা মতে, ৬০-৭০ দশকতে তেওঁ চিগাৰেটৰ বাকচত ছবি অঁকা কাম আৰম্ভ কৰিছিল । এইখিনিতে উল্লেখ কৰি থওঁ যে সেই সময়ত নীলপৱন বৰুৱাৰ ধূমপানৰ প্ৰতি প্ৰচুৰ অনুৰাগ আছিল ।

এটা কথা নক'লেও হ'ব যে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ অমৰ প্ৰেম কাহিনী যুগে যুগে চৰ্চিত আৰু বন্দিত হৈ থাকিব । অসমৰ নাইটিংগেল তথা অসমৰ খ্যাতনামা কণ্ঠশিল্পী, নীলপৱন বৰুৱাৰ সহধৰ্মিণী প্ৰয়াত দীপালী বৰঠাকুৰৰ প্ৰতি দেখুওৱা অপত্য স্নেহে সকলোকে মুগ্ধ কৰি ৰাখিছে ।

উল্লেখ্য, জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছিল । আনহাতে, খোজকঢ়াৰ ক্ষমতা হেৰুৱাই চিৰদিনৰ বাবে 'হুইল চেয়াৰ'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল । এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহপাশত আবদ্ধ হয় । অৱশেষত তেওঁ শয্যাশায়ী হ'বলগা হয় ।

কিন্তু বিয়াৰ পাছৰ পৰা মৃত্যু পৰ্যন্ত নীলপৱন বৰুৱাই দীপালী বৰঠাকুৰৰ যেনেদৰে যত্ন লৈছিল সেয়াই এক অমৰ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰিছে । যাৰ বাবে তেওঁলোকৰ জীৱন কাহিনী ৰূপালী পৰ্দাত প্ৰদৰ্শনৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে । অৱশ্যে দীপালী বৰঠাকুৰৰ মৃত্যুৰ পিছৰে পৰা যেন অকলশৰীয়া হৈ পৰিছিল এই শিল্পীমন । কিবা এক ৰিক্ততাই আৱৰি ধৰিছিল তেওঁৰ মন-মগজু ।

'চেনাই মই যাওঁ দেই' বুলি গীত গোৱা দীপালী বৰঠাকুৰ যেতিয়া সঁচাকৈয়ে গ'লগৈ, তাৰ পিছৰে পৰা যেন নিজৰ প্ৰেমিকাৰ বিৰহত কাতৰ হৈ পৰিছিল নীলপৱন বৰুৱা । সেয়ে হয়তো আজি দীপালী বৰঠাকুৰৰ বাটেৰে বাট বুলিলে শিল্পীপ্ৰাণগৰাকীয়ে । জোনালীক বিচাৰি গ'লগৈ জোনধন !

নীলপৱন বৰুৱাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী । আমিও জনালোঁ এইগৰাকী আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱাক একাজঁলি শ্ৰদ্ধাঞ্জলি ।

লগতে পঢ়ক :Neel Pawan Baruah passes away: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

Last Updated : Oct 28, 2022, 4:27 PM IST

ABOUT THE AUTHOR

...view details