ইপিনে সমাৰোহ খনত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ দিয়ে ৷ ভাষণত তেওঁ কয় যে উত্তৰ পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে নেডা এক প্লেটফৰ্ম আৰু আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী ৷ লগতে আজি এয়া ঐতিহাসিক দিন বুলি মন্তব্য কৰি শৰ্মাই কয় যে তেওঁৰ ৰাজনৈতিক জীৱনত এয়া সোণোৱালী সময় ৷ আৰু আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰিও তেওঁ কয় যে উত্তৰ পূবৰ 25 জন সাংসদৰ 19 জনেই নেডাৰ ৷ আনহাতে উত্তৰ পূবৰ সীমান্ত সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে উত্তৰ পূবক দেশৰ সম্পদ হোৱাতো বিচাৰিছে ৷ তদুপৰি নিচা জাতীয় দ্ৰব্যৰ পৰাও উত্তৰ পূবক মুক্ত কৰিব লাগিব তেওঁ মন্তব্য কৰে ৷ ইপিনে দিল্লীত উত্তৰ পূবৰ এটা সাংস্কৃতিক সংগ্ৰহালয় কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷
- সমাৰোহত উপস্থিত আছে-----
- কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ,
- মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম ঠাংগা ,
- ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ,
- নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ',
- চিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ টামাং,
- মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,
- অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু,
- মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,
- অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,
- কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ,
- কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং,
- অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,
- হাগ্ৰামা মহিলাৰী, তংকেশ্বৰ ৰাভা,
- অজয় জামোৱাল (বিজেপিৰ উত্তৰ পূব মণ্ডল)
শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহ