নিউজ ডেস্ক, 23 নৱেম্বৰ:দীৰ্ঘদিনৰ পৰা মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বৰ্ষীয়ান কংগ্ৰেছী নেতা তৰুণ গগৈয়ে ৷ সোমবাৰে বিয়লি 5:34 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বৰ্ষীয়ান নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাত সকলোৱেই শোক প্ৰকাশ কৰিছে ৷ ৰাজ্যৰ অসংখ্য গুণমুগ্ধৰ লগতে প্ৰায় সকল ৰাষ্ট্ৰীয় নেতাই বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যত শোক প্ৰকাশ কৰিছে ৷
টুইটাৰযোগে অসমীয়াতে শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ৰামনাথে কোৱিন্দে দেশে এগৰাকী দক্ষ ৰাজনৈতিক আৰু প্ৰশাসনীয় অভিজ্ঞতাসম্পন্ন নেতাক হেৰুৱালে বুলি মন্তব্য কৰে ৷ টুইটাৰ যোগে তেওঁ এইবুলি লিখি শোক প্ৰকাশ কৰে
গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙেও গগৈৰ ব্যক্তিত্বৰ কথা সোঁৱৰণ কৰে ৷ টুইটাৰ যোগে তেওঁ এইবুলি কয়