অসম

assam

ETV Bharat / state

ৰাইজৰ ৰোষত নাৰেংগীৰ 60 বছৰীয়া বৃদ্ধ

মহানগৰীৰ নাৰেংগীত সংঘটিত হয় জঘন্য কাণ্ড ৷ এটি সাত বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ 60 বছৰীয়া শিৱ কুমাৰ নামৰ এজন বৃদ্ধৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ ৷

By

Published : Dec 5, 2020, 2:01 PM IST

narengi child rape case_
মহানগৰীৰ নাৰেংগীত জঘন্য কাণ্ড

কামৰূপ মেট্ৰ,5 ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ অনুকুল বস্তিত জঘন্য কাণ্ড । এগৰাকী সাত বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে ৷ অভিযুক্তজন শিৱ কুমাৰ বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷ ইতিমধ্যে অভিযুক্ত বৃদ্ধজনক স্থানীয় ৰাইজে উত্তম-মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক ৷

মহানগৰীৰ নাৰেংগীত জঘন্য কাণ্ড

উল্লেখ্য যে, নাৰেংগীৰ অনুকুল বস্তিৰ বাসিন্দা শিৱ কুমাৰে ওচৰৰে এগৰাকী সাত বছৰীয়া শিশুক নিজৰ ঘৰলৈ মাতি আনি দহ টকা দি বাচন-বৰ্তন ধুবলৈ দিয়ে । ইয়াৰ পাচতে শিশুটিক যৌন নিৰ্যাতনৰ চেষ্টা চলায় বৃদ্ধজনে । ইয়াৰ পাচতে শিশুটিয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাস্থলীলৈ দৌৰি আহে । শিশুটিয়ে সকলো কথা বিৱৰি কোৱাত ৰাইজে বৃদ্ধজনক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায় ।

ইফালে, নুনমাটি থানাৰ আৰক্ষীয়ে ৰাইজৰ কৱলৰ পৰা বৃদ্ধজনক উদ্ধাৰ কৰি থানালৈ লৈ যায় । ঘটনা সন্দৰ্ভত মাতৃ হাৰা শিশুটিৰ পিতৃয়ে নুনমাটি থানাত শিৱ কুমাৰৰ বিৰুদ্ধে 762/20 posco আইনৰ 2012 নম্বৰৰ এখন এজাহাৰ দাখিল কৰে ।

অন্য এক খবৰৰ বাবে: যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details