অসম

assam

ETV Bharat / state

NRC ৰ পৰা বাদ পৰিছে খিলঞ্জীয়া ! - assam news

3204 খন লিগেচীৰ ভিতৰত 1977 ভুৱা আৰু 1227 খন লিগেচীত বাংলাদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই । ইয়াৰ লগতে NRC ডাটা অন্তৰ্ভুক্তিৰ বাবে দায়িত্ব দিয়া ব্যক্তিগত প্ৰতিষ্ঠান Wipro য়ে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

NRC ৰ পৰা বাদ পৰিছে খিলঞ্জীয়া!

By

Published : Aug 3, 2019, 10:53 PM IST

গুৱাহাটী, 3 আগষ্টঃ ডিমা হাছাও,কোকৰাঝাৰ, ওদালগুৰিকে ধৰি বিভিন্ন অঞ্চলত বৰ্তমানেও NRC ৰ পৰা বাদ পৰি আছে বহু খিলঞ্জীয়া লোক । এই লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ কোনো প্ৰক্ৰিয়া কৰা নাই প্ৰতীক হাজেলাই । এই মন্তব্য সচেতন নাগৰিক মঞ্চৰ ৷ শনিবাৰে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বহু আসোঁৱাহ লৈ সংবাদমেল সচেতন নাগৰিক মঞ্চৰ ৷ 3204 খন লিগেচী ভুৱা অৰ্থাৎ একাধিকবাৰ ব্যৱহাৰ হৈছে বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে নাগৰিক মঞ্চৰ সদস্যসকলে ৷ লগতে 3204 খন লিগেচীৰ ভিতৰত 1977 ভুৱা আৰু 1227 খন লিগেচীত বাংলাদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই । ইয়াৰ লগতে NRC ডাটা অন্তৰ্ভুক্তিৰ বাবে দায়িত্ব দিয়া ব্যক্তিগত প্ৰতিষ্ঠান Wipro য়ে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে, এন আৰ চি ঘোষণাৰ পিছৰ দিনটোতে কিমান জন বিদেশীয়ে NRC ত নাম অন্তৰ্ভুক্তি কৰিলে লগতে ক'ত ক'ত কৰিলে নাম ঠিকনাৰ সৈতে সকলো ফাদিল কৰিব বুলি জানিবলৈ দিলে সচেতন নাগৰিক মঞ্চই ।

NRC ৰ পৰা বাদ পৰিছে খিলঞ্জীয়া!

ABOUT THE AUTHOR

...view details