গুৱাহাটী,10 মাৰ্চঃ সমগ্ৰ দেশতে ৰঙৰ উৎসৱ হোলীক লৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হোৱাৰ মাজতে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰমভাৱে উদযাপন কৰে হোলী । হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে বাস কৰা দক্ষিণগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে হোলী উপলক্ষে অঞ্চলটোত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকৰ বাসগৃহলৈ গৈ সকলোকে মিঠাই বিতৰণ কৰি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে মিঠাই খুৱায় ৷
হিন্দু সম্প্ৰদায়ৰ লোকসকলেয়ো ইছলাম ধৰ্মাৱলম্বী লোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে । অঞ্চলটোত বসবাস কৰা দুয়োটা সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবছৰে এইদৰে হোলী উদযাপন কৰি আহিছে । সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ বাবে মহানগৰীৰ এই অঞ্চলৰ লোকসকলেয়ো এইবাৰ বিৰত থাকে ফাকুৱা খেলৰ পৰা । ফাকুৱাৰ ৰঙেৰে অঞ্চলটোৰ বাসিন্দাসকল ৰঙীন নহ'লেও অঞ্চলটোৰ একতা আৰু ভাতৃত্ববোধৰ ৰঙত কিন্তু কোনোধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহ'ল । একতা আৰু ভাতৃত্ববোধৰ ৰঙেৰে প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙীন হৈ থাকিল দক্ষিণগাঁৱৰ পৰিৱেশ ।