গুৱাহাটী, 21 ছেপ্টেম্বৰ :গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পুনৰ দুটা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই । আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ইয়াৰে এটা প্ৰকল্পৰ বাবে আদাবাৰীত ইতিমধ্যে স্থান বাচনি কৰা হৈছে যদিও আনটো প্ৰকল্পৰ বাবে স্থান বাচনি কৰা হোৱা নাই ৷
কিন্তু হাস্যকৰ কথা যে পূৰ্বেও এনেধৰণৰ এটা প্ৰকল্পৰ কাম গুৱাহাটী পৌৰ নিগমে হাতত লৈছিল যদিও কাৰ্যক্ষম নহ’ল । তাৰ পিচতে এতিয়া আকৌ এটা নহয় দুটাকৈ গুৱাহাটীত জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, যোৱা 2015-16 চনতে বৰছলা বিলৰ কাষত প্ৰকল্পটো স্থাপন কৰা হৈছিল । কিন্তু আজিও সম্পূৰ্ণ কাৰ্যক্ষম হৈ নুঠিল বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো ৷ গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰিছিল এই প্ৰকল্পটো । অভিযোগ অনুসৰি পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে প্ৰকল্পটো সম্পূৰ্ণভাবে কাৰ্যক্ষম হৈ উঠা নাই ।
লক্ষণীয় যে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰি 2020 চনৰ 13 আগষ্টত প্ৰকল্পটো মুকলি কৰা হৈছিল । পৌৰ নিগমে এই প্ৰকল্পটো স্থাপনৰ বাবে জি পি এছ ৰিনুৱেল এলুমিনিটেড প্ৰাইভেট লিমিটেড (GPS Renuel Aluminated Private Limited) নামৰ কোম্পানীটোক দায়িত্ব দিছিল । আনকি প্ৰকল্পটোৰ বাবে পৌৰ নিগমে 1.49 কোটি টকা খৰছ কৰে ৷ প্ৰকল্পটো নিৰ্মাণৰ উদ্দেশ্যে আছিল মহানগৰীত দৈনিক উৎপাদন হোৱা জাৱৰৰ পৰা বিজ্ঞানসম্মতভাৱে বিদ্যুৎ শক্তি উৎপাদন কৰা আৰু এই বিদ্যুৎ শক্তিৰ দ্বাৰা মহানগৰীৰ ৰাস্তাৰ বিজুলী বাতি জ্বলোৱা ৷ প্ৰকল্পটোৰ বাবে তিনিটাকৈ বৃহৎ টেংকি স্থাপনো কৰা হৈছিল ।