অসম

assam

ETV Bharat / state

MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই ! - Kaziranga National Orchid and Biodiversity Park

বিৰোধীৰ অভিযোগকলৈ পুনৰ সৰৱ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, সাংসদ তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা । বিভিন্ন ঠাইত বিশাল সম্পত্তি থকাৰ পাছতো ভূপেন বৰাই হাউচিং বোৰ্ডৰ সাধাৰণ ঘৰটোৰ লোভো এৰি দিব নোৱাৰে । কাজিৰঙাত অখিল গগৈ বাহিনীয়ে চৰকাৰী মাটি দখল কৰি লৈ ব্যৱসায় চলাই যোৱাৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ(MP Pabitra Margherita) ৷

MP Pabitra Margherita
অখিল গগৈয়ে কাজিৰঙাত মাটি বেদখলৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ

By

Published : Oct 12, 2022, 4:11 PM IST

গুৱাহাটী, ১২ অক্টোবৰ: ৰাজ্যিক বিজেপিৰ ৰাজপ্ৰসাদসদৃশ নতুন কাৰ্যালয়(Assam BJP new office) মুকলিৰ পাছতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাধিক অভিযোগেৰে শাসকীয় দল বিজেপিক থকা-সৰকা কৰিছে বিৰোধীয়ে । অৱশ্যে এই ক্ষেত্ৰত নীৰৱে থকা নাই শাসকীয় দলটো ।

প্ৰতিটো অভিযোগৰে প্ৰত্যুত্তৰ দিছে শাসকীয় দল বিজেপিয়ে । এক কথাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে বুধবাৰে পুনৰ বিষয়টো সন্দৰ্ভত বিৰোধীয়ে অনা অভিযোগকলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, সাংসদ তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita)। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে(MLA Akhil Gogoi) কৰা বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ মাৰ্ঘেৰিটাই ।

সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ নেতাসকলে শাসনত থকাৰ সময়ত নিজৰ ডাঙৰ ডাঙৰ অট্টালিকা সাজিলে যদিও দলৰ কাৰ্যালয় এটা ভালদৰে বনাব নোৱাৰিলে (Rajiv Bhawan Guwahati)। এই সন্দৰ্ভত কংগ্ৰেছৰ কৰ্মীসকলে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নেতাসকলে হতাশাত ভূগি বিভিন্ন ধৰণৰ অদ্ভুত কথা কোৱাটো তেনেই স্বাভাৱিক । ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভাঙিম বুলি কোৱা সন্দৰ্ভত তেওঁ কয় যে ভূপেন বৰাৰ চৈধ্য পুৰুষ তথা গান্ধী পৰিয়াল সকলোৱে অশুভ চিন্তা কৰিলেও ইটা এচপৰাও ইফাল-সিফাল কৰিব নোৱাৰে ।

অখিল গগৈয়ে কাজিৰঙাত মাটি বেদখলৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ

লগতে তেওঁ কয় যে ভূপেন বৰাই তেওঁৰ সম্পত্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ নিদিলে । বিভিন্ন ঠাইত বিশাল সম্পত্তি থকাৰ পাছতো ভূপেন বৰাই হাউচিং বোৰ্ডৰ সাধাৰণ ঘৰটোৰ লোভো এৰি দিব নোৱাৰে (Bhupen Borah flat at housing colony)। তেওঁ লগতে কয় যে ৰাজ্যিক বিজেপিয়ে সকলো নিয়ম মানি চলি চৰকাৰৰ পৰা মাটি ক্ৰয় কৰি কাৰ্যালয় নিৰ্মাণ কৰিছে । আনহাতে অখিল গগৈক উভতি ধৰি তেওঁ প্ৰশ্ন কৰি কয় যে কাজিৰঙাৰ অৰ্কিড পাৰ্ক চৰকাৰী ভূমিত নাই জানো ?

চৰকাৰী মাটিখিনি আবেদন কৰাৰ পূৰ্বেই অখিল গগৈৰ মালিকানাধীন সংস্থাই দখল কৰি লৈছিল (Kaziranga National Orchid and Biodiversity Park)। পৰৱৰ্তী সময়ত ২২ বিঘা চৰকাৰী মাটি আৱণ্টন দিয়া হৈছিল যদিও প্ৰিমিয়াম আজিলৈকে দিয়া নাই বুলি তেওঁ অভিযোগ কৰে । লগতে তেওঁ কয় যে ২২ বিঘা মাটি আৱণ্টন দিয়া হৈছিল যদিও তেওঁলোকে অতিৰিক্তভাৱে বিঘা মাটি দখল কৰি লৈ ব্যৱসায় চলাই গৈছে ।

লগতে পঢ়ক:President Draupadi Murmu: দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ABOUT THE AUTHOR

...view details