অসম

assam

By

Published : Jul 14, 2021, 10:28 PM IST

ETV Bharat / state

ঈদৰ পূৰ্বে গো-সুৰক্ষা বিধেয়ক কিয় ? সৰৱ হ'ল সাংসদ আব্দুল খালেক

গো-সুৰক্ষা বিধেয়কখন আইনত পৰিণত হ'লে নতুনকৈ বৃহৎ চিণ্ডিকেট গঢ়ি উঠাৰ সম্ভৱনা আছে । সীমান্তত গৰুৰ চোৰাং বেহা প্ৰতিৰোধত সম্পূৰ্ণৰূপে ব‍্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ । মছজিদৰ কমেও ৫০০ বৰ্গ মিটাৰলৈকে গাহৰি মাংস কটা নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনালে সাংসদ আব্দুল খালেকে ৷

press conference of abdul khaleque
ঈদৰ পূৰ্বে গো-সুৰক্ষা বিধেয়ক কিয় ?

গুৱাহাটী, ১৪ জুলাই : ঈদৰ পূৰ্বে গো-সুৰক্ষা বিধেয়কখন (Cattle preservation Bill) আনি মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে । এই অভিযোগ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ (Abdul Kaleq)। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ আব্দুল খালেকে বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই গো-সুৰক্ষা বিধেয়কখন (Cattle preservation Bill) উত্থাপন কৰাকলৈ সৰৱ হৈ পৰে ।

সংবাদমেলত সাংসদ আব্দুল খালেকে কয়, এই বিধেয়কখন আইনত পৰিণত হ'লে ৰাজ্যত নতুনকৈ বৃহৎ চিণ্ডিকেট গঢ়ি উঠাৰ সম্ভৱনা আছে । অসম-বাংলাদেশ সীমান্তত (Assam Bangladesh Constituency) গৰুৰ চোৰাং সৰবৰাহ হৈ থকাটো সঁচা । সীমান্তত গৰুৰ চোৰাং বেহা প্ৰতিৰোধত সম্পূৰ্ণৰূপে ব‍্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ প্ৰস্তাৱিত বিধেয়কখনে যে চিণ্ডিকেট বন্ধ কৰিব নোৱাৰে সেই কথা চৰকাৰে বিবেচনা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ খালেকে ।

ঈদৰ পূৰ্বে গো-সুৰক্ষা বিধেয়ক কিয় ?

সাংসদগৰাকীয়ে লগতে কয়, গো-হত্যা (Cow Slaughtering) নিষিদ্ধ কৰাটো বিজেপি-আৰ এছ এছৰ এজেণ্ডা । বিধেয়কখনত গো-মাংস কটাত প্ৰত্যক্ষভাৱে কোনো কথা উল্লেখ কৰা নাই। কিন্তু সত্র-নামঘৰ-মন্দিৰ আদি ধৰ্মীয় অনুষ্ঠানৰ ৫ বৰ্গ কিলোমিটাৰত গৰু কটা নিষিদ্ধ কৰাৰ কথাটোৱে গো-মাংসৰ প্ৰচলন প্ৰক্ৰিয়াটোকে বন্ধ কৰা বুজাইছে ।

কাৰণ ৫ বৰ্গ কিলোমিটাৰত নিষিদ্ধ কৰিলে অসমৰ কোনো ঠাইতে গৰু কাটিব নোৱাৰিব । ৫ বৰ্গ কিলোমিটাৰ নকৰি এক বৰ্গ কিলোমিটাৰ কৰিব পাৰে । আনহাতে, ইছলাম ধৰ্মত গাহৰি নিষিদ্ধ । সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মছজিদৰ কমেও ৫০০ বৰ্গ মিটাৰলৈকে গাহৰি মাংস কটা নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনায় আব্দুল খালেকে ৷

"জীৱ-জন্তু হত্যা কৰাটো সন্মান নে অসন্মানৰ কথা, ইয়াক লৈ বিতৰ্ক হোৱা উচিত । সকলো লোককে খাদ্যৰ স্বাধীনতা সংবিধানে দিছে । এই বিধেয়কখনে সংবিধানৰ সেই মৌলিক অধিকাৰ খৰ্ব কৰিছে ।" এইদৰে মন্তব্য প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে ৷

ইফালে, বিধেয়কখনত কোৱা হৈছে যে ১৪ বছৰ বয়সৰ তলৰ গৰু কাটিব নোৱাৰিব । কিন্তু সেইটো নিৰূপন কৰাকলৈয়ো বিভাগীয় বিষয়া দুৰ্নীতিত লিপ্ত হোৱাৰ সম্ভাৱনা আছে । সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রীয়ে এই বিধেয়কখন আনিছে বুলি অভিযোগ উত্থাপন কৰে সাংসদ আব্দুল খালেকে ৷

লগতে পঢ়ক: World Youth Archery Championship লৈ নিৰ্বাচিত বোকাখাতৰ বিশাল

ABOUT THE AUTHOR

...view details