অসম

assam

ETV Bharat / state

লক্ ডাউনৰ সময়ছোৱাত কি কৰিছে মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে ?

কৰ'ণা ত্ৰাসৰ ফলত দেশত চলি থকা লক্ ডাউনৰ বাবে ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিব লগা হৈছে সকলোৱে । কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবেই সকলোৱে মানি চলিছে চৰকাৰৰ নীতি নিয়ম । লক্ ডাউনৰ সময়ছোৱাত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলো ৷ আহকচোন চাও আইতাসকলে কেনেকৈ পাৰ কৰিছে এই জটিল সময়ছোৱা ৷

By

Published : May 3, 2020, 5:09 PM IST

mother old age home during lock down period
লক্ ডাউনৰ সময়ছোৱাত কি কৰিছে মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে ?

গুৱাহাটী,3 মে'ঃদেশত চলি থকালক্ ডাউনৰ ফলত আৱদ্ধ হৈ আছে মাডাৰ বৃদ্ধাৱাসৰ আৱাসী সকল। কিন্তু এই সময়ছোৱাত মাডাৰ বৃদ্ধাৱাসতে বিভিন্ন মনোৰঞ্জনমূলক কৰ্মৰ মাজেৰে সময় অতিবাহিত কৰিছে মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে । বিহু নাচি, লুডু খেলি নিজৰ মাজতে ব্যস্ত হৈ আছে তেওঁলোক । আৱাসী সকলে টিকটক ভিডিঅ' বনাইও যথেষ্ট আনন্দিত হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ আইতাসকলে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে সঘনে ছেনিটাইজেচনো কৰিছে ।

লক্ ডাউনৰ সময়ছোৱাত কি কৰিছে মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে ?

ABOUT THE AUTHOR

...view details