অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম - Assam Covid SOP

ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে ঘোষণা কৰে এই কথা।

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম
বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

By

Published : May 12, 2021, 12:53 PM IST

Updated : May 12, 2021, 7:11 PM IST

গুৱাহাটী, 12 মে': ৰাজ্যৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে । এই নতুন নীতি-নিৰ্দেশনাসমূহ কেৱল চহৰ আৰু নগৰ অঞ্চলতহে প্ৰযোজ্য হ'ব । বৃহস্পতিবাৰৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা ।

সেই অনুসৰি-

  • বৃহস্পতিবাৰৰ পৰা চহৰ আৰু নগৰ সমিতি এলেকাৰ 5 কিলোমিটাৰ দূৰত্বলৈ থকা সকলো দোকান পোহাৰ দিনৰ 1বজাত বন্ধ কৰিব লাগিব
  • এই অঞ্চলসমূহত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজহুৱা স্থানত সকলো লোকৰ চলাফুৰা নিষিদ্ধ কৰা হৈছে
  • গ্ৰামাঞ্চলত দিনৰ 2 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব
  • সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সেই অঞ্চলত সান্ধ্যআইন বলবৎ থাকিব
  • ৰেষ্টুৰেন্ট, ধাবা, হোটেল আদিয়ে দিনৰ 1 বজালৈকে গ্ৰাহকক খাদ্য যোগান ধৰিব পাৰিব
  • সকলো সাপ্তাহিক হাট বজাৰ আগন্তুক 15 দিনৰ বাবে বন্ধ ঘোষণা
  • সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ শ্ৰেণী অগন্তুক 15 দিনলৈ বন্ধ থকাৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা
    বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম
  • 5 শতাংশতকৈ অধিক ক'ভিড চিনাক্ত ৰোগী থকা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হ'ব ।
  • বিবাহ অনুষ্ঠান নিজৰ ঘৰৰ ভিতৰত 10 জন লোকৰ উপস্থিতিতহে সম্পন্ন কৰিব পাৰিব
  • অন্তেষ্টিক্ৰিয়াতো উপস্থিত থাকিব পাৰিব 10 জন লোক
  • সকলো ধৰ্মীয় প্ৰতিষ্ঠান 15 দিনলৈ বন্ধ ঘোষণা
  • সকলো ৰাজহুৱা বাহনে কঢ়িয়াব পাৰিব 30 শতাংশ যাত্ৰী
  • অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সীত চালকসহ তিনিজন লোকহে যাব পাৰিব ৷ মহিলা আৰু শিশুৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা
  • চৰকাৰী বাহনৰ বাহিৰে সকলো যান-বাহন বৃহস্পতিবাৰৰ পৰা কেৱল যুগ্ম অযুগ্ম নম্বৰৰ ভিত্তিত চলাচল কৰিব পাৰিব
Last Updated : May 12, 2021, 7:11 PM IST

ABOUT THE AUTHOR

...view details