গুৱাহাটী, 3 জানুৱাৰী:শুকুৰবাৰেবিজেপি নেতা মমিনুল আৱাল, বিধায়ক ডঃ নোমল ম'মিনে এখন সংবাদ মেল সম্বোধন কৰি শীঘ্ৰে গৰিয়া মৰিয়া দেশীসকলৰ লোকপিয়লৰ ব্যৱস্থা সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ সংবাদমেলত মমিনুল আৱালে অসম চুক্তিক অসমীয়া জাতিৰ বাবে এক আত্মঘাতী চুক্তি বুলি মন্তব্য কৰে। লগতে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ জনগোষ্ঠী সমূহৰ কাৰণে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে ৷
ইয়াৰোপৰি ১২৬ টা বিধানসভাৰ ২৪ খন আসন বৰ্তমান সংৰক্ষিত হৈ আছে গতিকে বাকী ১০২ খন আসন অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলিও বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে। আনহাতে বৰ্তমান অসমত এশৰো অধিক সৰু বৰ খিলঞ্জীয়া অসমীয়া জনগোষ্ঠী আছে। সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব অসম বিধানসভাত সম্ভৱ হৈ উঠা নাই। সেয়ে প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হোৱা জনগোষ্ঠী সমূহৰ অসম বিধানসভাত প্ৰতিনিধিত্বৰ পথ মুকলি কৰিবৰ বাবে অসমত উচ্চ সদন প্ৰৱৰ্তনৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰোৱা হৈছে বুলি বিধায়ক নোমল ম'মিনে জানিবলৈ দিয়ে ৷