অসম

assam

ভাৰত আৰু বাংলাদেশৰ মাজত নতুন ৰে'ল সেৱা মুকলি

By

Published : Dec 17, 2020, 9:18 PM IST

ভাৰত আৰু বাংলাদেশৰ ৰে‘লৱে সেৱা ঘাইকৈ ইংৰাজ শাসনকালৰ পৰাই উত্তৰাধিকাৰী সুত্ৰে দুয়োখন দেশে লাভ কৰিছিল ৷ 1947 চনত দেশ বিভাজনৰ পিছত 7 টা ৰেল যোগাযোগ সেই সময়ৰ ভাৰতবৰ্ষ আৰু পূৱ পাকিস্তানৰ মাজত সক্ৰিয় হৈ আছিল(1965 পৰ্যন্ত ) ৷

Modi, Hasina inaugurates Haldibari Chilahati rail link
ভাৰত আৰু বাংলাদেশৰ মাজত নতুন ৰে'ল সেৱা মুকলি

নিউজ ডেস্ক, 17 ডিচেম্বৰ : ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা ভিডিঅ‘ সন্মিলনৰ যোগে বৃহস্পতিবাৰে হলদিবাড়ীৰ পৰা চিলাহাটীলৈ ৰে‘ল সেৱাৰ শুভাৰম্ভ কৰা হয় ৷ ভাৰত আৰু বাংলাদেশৰ নাগৰিকৰ পৰস্পৰৰ মাজত সু-সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এই ৰে‘ল সেৱাই সহায় কৰিব বুলি ধাৰণা কৰা হৈছে ৷

ভাৰত আৰু বাংলাদেশৰ মাজত নতুন ৰে'ল সেৱা মুকলি

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত প্ৰধানমন্ত্ৰী পৰ্যায়ত হোৱা দ্বিপাক্ষিক ভিডিঅ‘ সন্মিলনত ভাৰতৰ হলদিবাড়ীৰ পৰা বাংলাদেশৰ চিলাহাটীলৈ ৰে‘লৰ যোগাযোগ ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয় ৷

ভাৰত আৰু বাংলাদেশৰ মাজত নতুন ৰে'ল সেৱা মুকলি

বাংলাদেশৰ ৰে‘ল মন্ত্ৰী মহম্মদ নুৰুল ইছলাম সূজন দেৱে চিলাহাটীৰ পৰা এখন মালবাহী ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰে ৷ যিখন ৰেলে ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ ভাৰতত প্ৰবেশ কৰে ৷ ইয়াৰ লগে লগে দুয়োখন দেশৰ ৰাইজৰ বাবে নতুন অধ্যায়ৰ সূচনা হয় ৷

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ ৰে‘লৱে সেৱা ঘাইকৈ ইংৰাজ শাসনকালৰ পৰাই উত্তৰাধিকাৰী সুত্ৰে দুয়োখন দেশে লাভ কৰিছিল ৷ 1947 চনত দেশ বিভাজনৰ পিছত 7 টা ৰেল যোগাযোগ সেই সময়ৰ ভাৰতবৰ্ষ আৰু পূৱ পাকিস্তানৰ মাজত সক্ৰিয় হৈ আছিল(1965 পৰ্যন্ত ) ৷ বৰ্তমানে ভাৰত আৰু বাংলাদেশৰ মাজত 4 টা ৰে‘ল যোগাযোগ কাৰ্যক্ষম হৈ আছে ৷ আজি শুভাৰম্ভ হোৱা ৰে’ল সংযোগে দুয়োখন দেশৰ মাজত পঞ্চমটো কাৰ্যক্ষম ৰে‘ল যোগাযোগ হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

ABOUT THE AUTHOR

...view details