গুৱাহাটী, 15 জুন :বৰাকৰ কৰিমগঞ্জত অব্যাহত আছে কয়লাৰ বিয়াগোম ছিণ্ডিকেট (Coal Syndicate) । এই ছিণ্ডিকেটত শাসকীয় দলৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ (Kamalakhya Dey Purkayastha)ই এই অভিযোগ উত্থাপন কৰিছে ৷ মঙলবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল আয়োজন কৰে বিধায়ক পুৰকায়স্থই ৷
সংবাদমেলযোগে বৰাকত চলি থকা কয়লা ছিণ্ডিকেট সন্দৰ্ভত চিবিআই (CBI)ৰ তদন্ত দাবী কৰে বিধায়ক পুৰকায়স্থই । বিধায়কগৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি মেঘালয়ত অবাধে কয়লাৰ খনন কাৰ্য অব্যাহত আছে । ইতিমধ্যে 30 মে’ত মেঘালয়ৰ কয়লা খনিত আৱদ্ধ হৈ নিহত হোৱা অসমৰ 5 জন শ্ৰমিকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই । বিধায়কগৰাকীয়ে অভিযোগ কৰি কয়, "মেঘালয়ৰ পৰা বৰাকৰ কৰিমগঞ্জৰ সুতাৰকান্দি হৈ পৰিবহন কৰা কয়লাৰ ট্ৰাক 7-8 খন চেকগেটেৰে যায় আৰু এই চেকগেটসমূহত কয়লাৰ অবৈধ পৰিবহনত স্থানীয় আৰক্ষী অধীক্ষকসকল জড়িত হৈ আছে । নিয়মানুসাৰে এখন ট্ৰাকত 9 টন কয়লা পৰিবহন কৰিব লাগে যদিও 40 ৰ পৰা 50 টন কয়লা পৰিবহন কৰা হয় । বৈধভাৱে কয়লা পৰিবহনৰ ক্ষেত্ৰত 8 টাকৈ বিভাগৰ অনুমতি লাগে’’ ।
বিধায়ক গৰাকীয়ে অভিযোগ কৰি কয় যে, শেহতীয়াকৈ 22 মে’ত কয়লাৰ 9 খন ট্ৰাক আৱদ্ধ কৰি ৰখা হৈছিল যদিও 26 মে’ত ৰহস্যজনকভাৱে সকলো নথি-পত্ৰ ঠিক থকাৰ কথা ক’লে । কমিচনৰ অংকত উদ্দেশ্য প্ৰণোদিতভাৱে ট্ৰাককেইখন জব্দ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে ৰাজনৈতিক চাপত আৰক্ষী অধীক্ষকে কাম কৰি আছে বুলি মন্তব্য কৰে । বিধায়কে ট্ৰাকৰ পৰা 500 টকাকৈ বিচাৰে বুলি অভিযোগ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিলে সকলো সত্য পোহৰলৈ আহিব ।