অসম

assam

ETV Bharat / state

Jakir Hussain Sikdar: ভূমি কেলেংকাৰীক লৈ পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ জাকিৰ হুছেইন শিকদাৰ - জাকিৰ হুছেইন শিকদাৰ

মাটি কেলেংকাৰীৰ প্ৰসংগই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি ৷ এইবাৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপ কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

Jakir Hussain Sikdar
Jakir Hussain Sikdar

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:32 PM IST

পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

গুৱাহাটী,৩০ ছেপ্টেম্বৰ: ৰাজ্যৰ ৰাজনীতিত বৰ্তমান চলিছে মাটিৰ কেলেংকাৰী চৰ্চা । এইবাৰ মাটিৰ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক ।

বিধায়ক শিকদাৰে অভিযোগ কৰা মতে বিধায়ক পদ্ম হাজৰিকাই ১২০০ বিঘা মাটি চৰকাৰৰ পৰা লৈছে । শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথ‍‍া বিধায়ক জাকিৰ হুছেইন শিকদাৰ ।

তেওঁ কয় যে অসমৰ কোনখন ফাৰ্মক, কোনজন ব্যক্তিক তথা কোনটো পৰিয়ালক কোনখন চৰকাৰে ১২০০ বিঘা মাটি দিছে । কিন্তু পদ্ম হাজৰিকা আৰু তেওঁৰ পৰিয়ালক অসম চৰকাৰে ১২০০ বিঘা মাটি দিছে ।

কেৱল ১২০০ বিঘা মাটিই নহয় পদ্ম হাজৰিকাৰ পুত্র নীৰজ হাজৰিকাৰ নামত ১০ বিঘা মাটি দিয়া হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । তেওঁ লগতে কয় যে হাতত দীঘল বন্দুক লৈ আৰু চৰকাৰৰ পক্ষৰ বিধায়ক হোৱাৰ সুবাদতে পুলিচ বাহিনী আৰু প্ৰশাসনক লগত লৈ মানুহক খেদি পদ্ম হাজৰিকাই কন্যাকাৰ আৰু নিজৰ নামত শ শ বিঘা মাটি দখল কৰি আছে ।

সেইজন বিধায়ক পদ্ম হাজৰিকাই জাকিৰ হুছেইন শিকদাৰক ৰাজনৈতিকভাৱে শেষ কৰি দিয়াৰ কথা কয় বুলি তেওঁ সদৰী কৰে । কন্যাকাক লৈ কিবা প্ৰশ্ন কৰি কৰিলে পদ্ম হাজৰিকাই বেয়া পাই বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰশ্ন কৰিব লাগিব ।

কন্যাকাৰ নামত ১২০০ বিঘা মাটি লৈ অসমক কি দিছে তাৰ উত্তৰ পদ্ম হাজৰিকাই দিব লাগিব । কন্যাকাৰ ৰহস্য তেওঁ ফাদিল কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কন্যাকাক পদ্ম হাজৰিকাই ছীল কৰি ৰাখিছিল যদিও বিধানসভাত মুকলি কৰা হয় ।

কন্যাকাক লৈ পদ্ম হাজৰিকাৰ উদ্দেশ্য বেলেগ বুলি অভিযোগ কৰি তেওঁ কয় যে ব্যক্তিগত আৰু পৰিয়ালৰ লাভৰ বাবে পদ্ম হাজৰিকাই কাম কৰি আছে ।

লগতে পঢ়ক:Pijush Hazarika: নাস্তিক ভূপেন বৰাৰ কমেডি কিং কপিল শৰ্মা হোৱাৰ মন; মন্ত্ৰী পীযুষৰ নতুন বচন

ABOUT THE AUTHOR

...view details