অসম

assam

ETV Bharat / state

ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

কামাখ্যা ধামলৈ অহা ভক্তসকলৰ লগত বাৰ্তালাপো কৰে বিধায়কগৰাকীয়ে

By

Published : Jun 24, 2019, 9:56 PM IST

ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

গুৱাহাটী, ২৪ জুন : মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ । দেশী-বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ । দেওবাৰে নিশা কামাখ্যা গেটত ভক্তৰ মাজত খাদ্য বিতৰণ কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই । মা কামাখ্যা ধামলৈ অহা ভক্তসকলৰ লগত বাৰ্তালাপো কৰে বিধায়কগৰাকীয়ে ।

ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

প্ৰতিবছৰে সাহানি কাৱাৰীয়া নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সস্থাটোৱে কামাখ্যালৈ অহা ভক্তসকলৰ বাবে স্থাপন কৰে খাদ্য যোগানৰ শিবিৰ । মাৰ বন্দনা, পূজা অৰ্চনাৰ মাজতে খাদ্য যোগান ধৰা হয় এই ভাণ্ডাৰাত । এই ভাণ্ডাৰটোত উপস্থিত হৈ প্ৰথমে মাৰ আশীষ লয় বিধায়ক অতুল বৰাই । ইপিনে এই বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে হাতত লোৱা এই পদক্ষেপক শলাগ লয় দিছপুৰৰ বিধায়ক গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details