গুৱাহাটী, ২৪ জুন :অসমত সমষ্টিৰ পুনঃনিৰ্ধাৰণক লৈ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰা খচৰাখন সম্পূৰ্ণ ৰূপে নাকচ কৰিছে বুলি ঘোষণা ৰাইজৰ দলৰ ৷ এই প্ৰসংগক লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মন্তব্য- ‘‘ৰাইজৰ দলে নিৰ্বাচন আয়োগে তৈয়াৰ কৰা খচৰাক ১০০ শতাংশই নাকচ কৰিছে’’ ৷
শুকুৰবাৰে নিশা ৰাইজৰ দলৰ নেতাগৰাকীয়ে প্ৰত্যাহ্বান জনায় কয়, ‘‘খিলঞ্জীয়াৰ হাতত থাকিব বুলি কোৱা ১০২ টা সমষ্টিৰ নাম BJP য়ে ৰাজহুৱা কৰক’’ ৷ উল্লেখযোগ্য যে, শেহতীয়াভাৱে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰীকাই দাবী কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰা কাৰ্যকৰী হ’লে ৰাজ্যৰ ১০২ টা বিধানসভা সমষ্টি খিলঞ্জীয়াৰ দখলত থাকিব ৷
কিন্তু নিৰ্বাচন আয়োগৰ খচৰাৰ তীব্ৰ বিৰোধিতা কৰি অখিল গগৈয়ে খচৰাখন কাৰ্যকৰী হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰ কেনেকৈ ক্ষতিগ্ৰস্ত হ’ব তাৰো ব্যাখ্যা দাঙি ধৰে ৷ গগৈৰ মন্তব্য, ‘‘এই খচৰাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰণে কোঁচ ৰাজবংশীসকলক বঞ্চিত কৰিব ৷ বঙাইগাঁও সমষ্টিটো কোঁচ ৰাজবংশীসকলৰ হাতৰ পৰা বাংলাদেশীমূলৰ লোকক গতাই দিব খোজা হৈছে’’ ৷
অখিল গগৈয়ে আৰু কয়, ''এইখন খচৰা সম্পূৰ্ণ আহোম বিৰোধী ৷ আহোমসকল এই খচৰাক লৈ অসন্তুষ্ট’’ ৷ আনহাতে তিৱাসকলৰ কাৰণে থকা মৰিগাঁও বিধানসভা সমষ্টিত তিৱাসকলৰ প্ৰভাৱ হ্ৰাস কৰিবলৈহে চেষ্টা কৰিছে এই খচৰাই ৷ এয়া তিৱা বিৰোধী খচৰা বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷
লগতে, প্ৰস্তাৱিত ডিমৰীয়া সমষ্টিৰ প্ৰসংগতো জনজাতীয়সকলৰ সংখ্যাগৰিষ্ঠতা থকা ডিমৰীয়া সমষ্টিটো অনুসূচীত জাতিৰ বাবে সুৰক্ষিত কৰিব খুজিছে ৷ এই সংৰক্ষণৰ বিপৰীতে আমাৰ কাৰ্বি, বড়ো বা সমষ্টিটোত বাস কৰা খিলঞ্জীয়া লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত বুলি কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷
ইফালে বদৰুদ্দিন আজমলৰ সুবিধা হোৱাকৈ এই খচৰাত গুৰুত্ব দিয়াৰ পুনৰ এবাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৷ গগৈৰ মন্তব্য- ‘‘বদৰুদ্দিন আজমলক সন্তুষ্ট কৰিবলৈ গৈ অভূতপূৰ্বভাৱে ধুবুৰী লোকসভাত ১১ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্তি কৰিছে’’ ৷ অখিল গগৈয়ে খচৰাৰ নিজা বিশ্লেষণত কয় যে লখিমপুৰ সমষ্টিৰ ভিতৰুৱা অঞ্চলক নাওবৈচাৰ সৈতে সংযোগ কৰাত মিচিং ৰাইজ অসন্তুষ্ট হৈছে ৷