গুৱাহাটী, ২৯ মাৰ্চ:ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ শিবিৰত অব্যাহত আছে অস্থিৰতা । বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মতান্তৰ চলি আছে । মাজত মাত্ৰ এটা দিন থকাৰ পাছতো দুয়োটা দলৰ মাজত কোনো ধৰণৰ সুস্থিৰতা পৰিলক্ষিত হোৱা নাই ।
ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুন বৰাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে যদিও মতানক্য দূৰ হোৱা নাই । ইয়াৰ মাজতে মঙলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । তেওঁ কয় যে, তেওঁ ৰাজ্যসভা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাক ভোটদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ কয়- '‘পুনৰ এবাৰ আপোনালোকক স্পষ্টভাষাৰে জনাব বিচাৰিছোঁ যে, সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি চৰকাৰখনৰ জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আমি সৰ্বশক্তিৰে যুঁজ দি যাম ৷'’