নিউজ ডেস্ক, 1 জানুৱাৰী:এন আৰ চিক লৈ স্পষ্ট হৈ পৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰোধ (National Register of Citizens)৷ অসম চৰকাৰ আৰু ৰাজ্যৰ বিভিন্ন সংগঠনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত ৰাজ্যৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে উন্নীতকৃত এন আৰ চিখন "গ্ৰহণ" কৰি "বৈধ" বুলি ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে (MLA Abdur Rashid Mandal )৷ ৩১ আগষ্ট, ২০১৯ত প্ৰকাশিত তালিকাখনত বৃহৎ সংখ্যক "অবৈধ" বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বুলি অসম চৰকাৰ আৰু বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে ৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে উন্নীতকৃত এনআৰচিখন বৈধ ঘোষণা কৰিব লাগে বুলি চৰকাৰলৈ দাবী জনোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে ৩১ আগষ্ট, ২০১৯ ত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত ৩.১১ কোটি লোকৰ নাম আৰু ১৯ লাখৰো অধিক আবেদনকাৰীৰ নাম বাদ পৰিছিল । বিজেপিয়ে এনআৰচিখনক ত্ৰুটিপূৰ্ণ বুলি কোৱাৰ লগতে বহু বিদেশীৰ নামো এন আৰ চিত স্থান পোৱা বুলি উল্লেখ কৰা বিষয়ৰ প্ৰসংগ উত্থাপন কৰি এনে ত্ৰুটিৰ বাবে দায়ী কোন বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ বিধায়কগৰাকী ৷ এন আৰ চিত যদি অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হয়, তেন্তে এন আৰ চি প্ৰক্ৰিয়াত নিয়োজিত হোৱা সকলো বিষয়াক চৰকাৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ।
ৰাজ্য আৰু কেন্দ্ৰত একেই দল ক্ষমতাত থকাৰ পাছতো কিয় এন আৰ চি ত্ৰুটিপূৰ্ণভাৱে কিয় প্ৰস্তুত হ’ল বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ বিধায়কজনে । বিজেপি চৰকাৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি এন আৰ চিৰ নামত ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে বুলি কয় আব্দুৰ ৰছিদ মণ্ডলে ৷ এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখৰো অধিক আৱেদনকাৰীক প্ৰত্যাখ্যান স্লিপ প্ৰদান কৰিব লাগে বুলি কয় আব্দুৰ ৰছিদ মণ্ডলে ৷ কি কাৰণে এইসকল লোকক প্ৰত্যাখ্যান স্লিপ জাৰি কৰা হোৱা নাই বুলি চৰকালৈ প্ৰশ্ন উত্থাপন কৰে মণ্ডলে ৷ আদালতলৈ গৈ এইসকল লোকক নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ দিয়া উচিত বুলি তেওঁ কয় । যদি এন আৰ চিৰ অপব্যৱহাৰ ঘটিছে ২০১৪ আৰু ২০১৬ চনৰ পৰা অসমৰ ক্ষমতাৰ দায়িত্বত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়ী বুলি কংগ্ৰেছ বিধায়কগৰাকীয়ে কয় ।
এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকী ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত আছিল (NRC State Coordinator)। যদি কিবা অপব্যৱহাৰ হয় তেন্তে চৰকাৰহে ইয়াৰ বাবে দায়ী হ’ব বুলি কয় কংগ্ৰেছ বিধায়কগৰাকীয়ে । উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চিৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰা হয় । সংসদত অমিত শ্বাহে (Home Minister Amit Shah) কয় যে তেওঁলোকে এন আৰ চি প্ৰকাশ কৰিছে, অৰ্থাৎ তেওঁলোকে এন আৰ চি মানি লৈছে । কিন্তু অসম চৰকাৰে মানি লোৱা নাই বুলি কৈছে ।