গুৱাহাটী,23 ছেপ্তেম্বৰঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম মিঞা পৰিষদৰ অসমীয়া জাতিৰ অস্তিত্ব শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু। ইফালে এই অনুষ্ঠানতে মিঞা পৰিষদৰ কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰে। শীঘ্ৰেই অসমৰ কোন কোন সত্ৰত মিঞাই মাটি বেদখল কৰিছে তাৰ জৰীপ কৰিব পৰিষদে। আগন্তুক ২০২১ৰ নিৰ্বাচনত নতুন আঞ্চলিক দলৰ লগত থাকিব অসমৰ এক কোটি মিঞা। লগতে কংগ্ৰেছ-বিজেপিক এইবাৰ সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে অসম মিঞা পৰিষদে। অসমৰ এক কোটি মিঞাক বাদ দি কোনো আঞ্চলিক দলে সফলতা অৰ্জন কৰিব নোৱাৰে বুলিও সংগঠনটোৱে মত পোষণ কৰে।
২০২১ৰ নিৰ্বাচনত নতুন আঞ্চলিক দলৰ লগত থাকিব অসমৰ এক কোটি মিঞাঃ অসম মিঞা পৰিষদ - 'অসমীয়া জাতিৰ অস্তিত্ব'
অসমৰ সত্ৰৰ মাটি কিমান মিঞাই বেদখল কৰিছে তাৰ জৰীপ কৰিব অসম মিঞা পৰিষদে ৷ কংগ্ৰেছ-বিজেপিক এইবাৰ সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে অসম মিঞা পৰিষদে। অসমৰ এক কোটি মিঞাক বাদ দি কোনো আঞ্চলিক দলে সফলতা অৰ্জন কৰিব নোৱাৰে বুলিও সংগঠনটোৱে মত পোষণ কৰে।
২০২১ৰ নিৰ্বাচনত নতুন আঞ্চলিক দলৰ লগত থাকিব অসমৰ এক কোটি মিঞাঃ অসম মিঞা পৰিষদ
ইফালে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে আলোচনা চক্ৰ জৰিয়তে মিঞাসকললৈ বিশেষ কেইটামান আহ্বান জনায়। ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ স্কুলীয়া শিক্ষাত অধিক গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনাই ৰাজগুৰুয়ে। লগতে পূৰ্ববংগীয় মুছলমান সকলৰ অপৰাধ প্ৰৱণতাক আশ্ৰয় নিদিবলৈ কয় বিশিষ্ট সাংবাদিকগৰাকীয়ে। অসমৰ কোন কোন সত্ৰত মিঞাসকলে মাটি বেদখল কৰিছে, তাক বেদখল মুক্ত কৰাৰ ব্যৱস্থা কৰিবলৈওমিঞা সংগঠন সমূহক আহ্বান জনাই বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে।