গুৱাহাটী, 17 ফেব্ৰুৱাৰী:কংগ্ৰেছৰ ভিতৰৰ সকলো খবৰ জানে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ বিধায়ক দেৱব্ৰত শইকীয়াই দিয়া পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই সংবাদমাধ্যমৰ আগত দেৱব্ৰত শইকীয়াৰ চিঠিখন পঢ়াৰ কথা সদৰী কৰে ৷ দেৱব্ৰত শইকীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছে পুৰণি লোকসকলক দায়িত্ব দিব নিবিচাৰে । কাৰণ তেওঁলোকে ‘কিবাকিবি’ দিব নোৱাৰে (Piyush Hazarika on Congress) ৷
লগতে তেওঁ কয়, ‘‘ কংগ্ৰেছৰ পুৰণি নেতা-কৰ্মীসকলে পদ ল’বৰ বাবে কিবাকিবি দিব নিবিচাৰে ৷ যাৰ বাবে কৰবাৰ পৰা অহাসকলে কিবাকিবি দি কংগ্ৰেছৰ পদ লৈছে ৷’’ ইয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাৰ দাবী, ‘‘2036 চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে ।’’
আনহাতে এ আই ইউ ডি এফৰে ভূপেন বৰাই কোনো কাৰণতে মিত্ৰতা নকৰে বুলি কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয়, ‘‘ভূপেন বৰাই নিজৰ কথাটো ধৰি ৰাখিব পাৰিলে ভাল ৷ বদৰুদ্দিন আজমলে ভূপেন বৰা কোন হয় বুলি প্ৰশ্নও কৰিব পাৰে ৷ কাৰণ আজমলে কংগ্ৰেছ হাইকামাণ্ডৰ লগত কথা পাতে ৷’’ ভূপেন বৰাই থৰকবৰক চকী এখনত বহি আছে বুলিও কটাক্ষ মন্ত্ৰীগৰাকীৰ (Piyush Hazarika slams Bhupen Bora) ৷