অসম

assam

ETV Bharat / state

Kargil Vijay Diwas 2022: কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় (Kargil Vijay Diwas 2022)। মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ‘ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ(Assam war memorial sainik welfare) উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি ‘অমৰ জোৱান’ৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে ।

By

Published : Jul 26, 2022, 5:27 PM IST

Kargil Vijay Diwas 2022
কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

গুৱাহাটী, ২৬ জুলাই : আজি কাৰ্গিল বিজয় দিৱস (Kargil Vijay Diwas 2022) । ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা । তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে । আজি সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ।

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ‘ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে (Kargil Vijay Diwas in Guwahati)। তেওঁ কাৰ্গিল যুদ্ধত(Kargil War) শ্বহীদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি ‘অমৰ জোৱান’ত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিকসকলক স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় সেনাবাহিনীৰ অপৰিসীম ত্যাগ, কষ্ট আৰু দেশপ্ৰেমক তেওঁ শ্ৰদ্ধা কৰে আৰু এনেদৰে কাৰ্গিল বিজয় দিৱসত অংশ ল’বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে যে, তেওঁলোকে কেতিয়াও ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাবলৈ অথবা দখল কৰিবলৈ প্ৰয়াস কৰা নাই ।

ভাৰতৰ সীমামূৰীয়া আন দেশত কৰাৰ দৰে ভাৰতৰ সেনাবাহিনীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসত এদিনৰ বাবেও ৰাষ্ট্ৰৰ ক্ষমতাত অধীষ্ঠিত হ’বলৈ প্ৰয়াস কৰা নাই । এই বিশেষত্বৰ বাবে ভাৰতীয় সেনা সদায়ে অনন্য বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ভাৰতে সাধাৰণতে প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে যদিও সময়ে সময়ে প্ৰতিবেশী ৰাষ্ট্ৰৰ কিছু প্ৰৰোচনামূলক কাৰ্যৰ বাবে আৰু দেশৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হ’বলগাত পৰিছিল । এই ক্ষেত্ৰত দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে সেনাবাহিনীয়ে অপৰিসীম ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁলোকৰ এনে ত্যাগক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে কৃতজ্ঞতা জনায় ।

কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

আনহাতে বানপানী, ভূমিকম্প অথবা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেনাবাহিনীয়ে সাধাৰণ জনগণৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ কথাও নিজৰ বক্তব্যত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে উপস্থিত সেনাবাহিনীৰ বৰ্তমান আৰু প্ৰাক্তন জোৱানসকলক উদ্দেশ্যি কয় যে নিজৰ জীৱন বিপদাপন্ন হ’ব পাৰে বুলি জানিও আপোনালোকে সেনাবাহিনীত যোগদান কৰিছে, যেতিয়া আমি নিশ্চিত হৈ ৰাতি বিচনাত শুই থাকো তেতিয়াও আপোনালোকে দেশমাতৃৰ সীমা ৰক্ষাৰ স্বাৰ্থত সীমান্তত কৰ্তব্য সম্পাদন কৰিছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কাৰ্গিল যুদ্ধৰ লগতে আন সকলো সময়তে দেশৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিয়া সকলো বীৰ জোৱানক এই মঞ্চৰ পৰাই সশ্ৰদ্ধ স্মৰণ কৰিছো । আজিৰ কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান উদ্ধৱ দাসৰ মাতৃ খৰ্গেশ্বৰী দেৱী আৰু কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে অৱতীৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি কে বৰাক সম্বৰ্ধনা জনায় ।

কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

উল্লেখ্য যে, কাৰ্গিল যুদ্ধত অসমৰ তিনিগৰাকী বীৰ জোৱানে প্ৰাণ আহুতি দিছিল (Kargil war martyr from Assam) । তেওঁলোক আছিল কেপ্তেইন জিন্তু গগৈ(Captain Jintu Gogoi), উদ্ধৱ দাস আৰু হাবিলদাৰ এন সিংহ । ১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে হোৱা প্ৰায় ৬৭ দিনীয়া এই যুদ্ধত অসমৰ তিনিজনকে ধৰি দেশৰ ৬৭৬ জন জোৱান শ্বহীদ হৈছিল । অসমৰ সৈনিক ৱেলফেৱাৰ সঞ্চালকালয়ৰ উদ্যোগত বিগত ২০১৮ চনৰে পৰা দীঘলীপুখুৰীৰ পাৰত কাৰ্গিল বিজয় দিৱস আয়োজন কৰি অহা হৈছে (Kargil Vijay Diwas at Dighalipukhuri) ।

কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে শ্বহীদ জোৱান উদ্ধৱ দাসৰ বীৰ মাতৃ খৰ্গেশ্বৰী দেৱী, কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে অৱতীৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি কে বৰা, সৈনিক ৱেলফেৱাৰ অসমৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ব্ৰিগ্ৰেডিয়াৰ যোশী নাৰায়ণ দত্ত, গুৱাহাটী লায়ন্স ক্লাৱৰ বিষয়ববীয়া, কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত সেনাবিষয়া তথা জোৱান আৰু বৰ্তমানে সেনাবাহিনীত কৰ্মৰত বিষয়া তথা জোৱানে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

ABOUT THE AUTHOR

...view details