অসম

assam

ETV Bharat / state

"টীম আছাম" হৈ সেৱা আগবঢ়াইছে চৰকাৰে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - OLA

লক ডাউনৰ সময়চোৱাত ৩৫৭ খন ৰে'লেৰে অসমলৈ খাদ্য সামগ্ৰী অনা হৈছে আৰু পৰিবহন বিভাগে ১৫ হাজাৰ ট্ৰাকেৰে সেই সামগ্ৰী অসমৰ ১৮ খন জিলাত যোগান ধৰিছে । এই প্ৰক্ৰিয়াটোত প্ৰায় ৩৩ হাজাৰ শ্ৰমিক জড়িত হৈ আছে । অসমত এতিয়া খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে ৷

Minister Chandra Mohan Patowary addressed press conference
"টীম আছাম" হৈ সেৱা আগবঢ়াইছে চৰকাৰে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Apr 26, 2020, 3:22 PM IST

গুৱাহাটী, ২৬ এপ্ৰিলঃ সংকটৰ এই সময়ত ৰাজ্য চৰকাৰৰ সকলো বিভাগে"টীম আছাম" হৈ হাতত হাত ধৰি সেৱা আগবঢ়াইছে । কৃষি,স্বাস্থ্য,গৃহ,পৰিবহন, জলসম্পদ,জনস্বাস্থ্য কাৰিকৰী,যোগান বিভাগ আদিয়ে একেলগে বিৰামহীনভাৱে সেৱা আগবঢ়াই আহিছে । আজি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে লক ডাউনৰ সময়চোৱাত ৩৫৭ খন ৰে'লেৰে অসমলৈ খাদ্য সামগ্ৰী অনা হৈছে আৰু পৰিবহন বিভাগে ১৫ হাজাৰ ট্ৰাকেৰে সেই সামগ্ৰী অসমৰ ১৮ খন জিলাত যোগান ধৰিছে । এই প্ৰক্ৰিয়াটোত প্ৰায় ৩৩ হাজাৰ শ্ৰমিক জড়িত হৈ আছে । অসমত এতিয়া খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলিও তেওঁ ঘোষণা কৰে । ৪ লাখ ৭০ হাজাৰ মেট্ৰিক টন চাউল,২১ হাজাৰ মেট্ৰিক টন ঘেঁহুকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী মজুত থকাৰ কথাও ঘোষণা কৰে মন্ত্ৰী পাটোৱাৰীয়ে। আনহাতে, পৰিবহন বিভাগে বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকসকলক গন্তব্য স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে । শনিবাৰৰ দিনটোত প্ৰায় 5 হাজাৰ লোকক ৩০০ খন বাছেৰে গন্তব্য স্থানলৈ পঠিওৱা হৈছে । আজিও ৬৮৭ খন বাছেৰে প্ৰায় ১১,৩৪৭ গৰাকী লোকক গন্তব্য স্থানলৈ পঠিওৱা থকা হৈছে বুলি মন্তব্য কৰে ৷

"টীম আছাম" হৈ সেৱা আগবঢ়াইছে চৰকাৰে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ৰাজ্যত উৎপাদিত কৃষিজাত সামগ্ৰীও ব্যাপক হাৰত আন ৰাজ্যলৈ ৰপ্তানি কৰি থকাৰ কথা উল্লেখ কৰি ইতিমধ্যে এটা কোম্পানীয়েও পৰিবহন বিভাগৰ সৈতে যোগাযোগ কৰিছে । তেওঁলোকে ডুবাই,আবুধাবি,কুৱেইট আদিলৈ অসমৰ পৰা কৃষি সামগ্ৰী বিমান যোগে লৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি পাটোৱাৰীয়ে মন্তব্য কৰে । ইপিনে এই সময়চোৱাত OLA বা UBER টেক্সী সেৱা এতিয়াই পুনৰ খুলি দিয়াত বাধা আছে বুলিও নিজৰ মন্তব্যত উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়কঃ বিদেশত প্ৰবাসী ভাৰতীয়ৰ মৃত্যু জনস্বাৰ্থজনিত আৱেদন দাখিল

ABOUT THE AUTHOR

...view details