অসম

assam

ETV Bharat / state

HSLC results 2023: মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে - two thriving students in Dhekiajuli

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপলৈ আন্তৰিক শুভেচ্ছা জনাইছে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ৷ দুয়োগৰাকী কৃতী ছাত্ৰৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয়ৰ দায়িত্ব ল’লে মন্ত্ৰী সিংহলে (HSLC result 2023) ৷

HSLC results 2023
HSLC results 2023

By

Published : May 22, 2023, 6:12 PM IST

মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে

গুৱাহাটী, ২২ মে': সোমবাৰে ঘোষণা কৰা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি উজলি উঠিল ঢেকীয়াজুলিৰ সু-সন্তান হৃদম ঠাকুৰীয়া ৷ লগতে সপ্তম স্থান লাভ কৰি জোনাক কাশ্যপেও গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ ৷ দুয়োগৰাকী কৃতী ছাত্ৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে (HSLC 2023 1st rank holder) ।

অসম বিধানসভাত ঢেকীয়াজুলি সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰীগৰাকীয়ে এক শুভেচ্ছা বাৰ্তাত কয় যে, ৯৯.৩৩% নম্বৰেৰে সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ তথা ভালুকধাৰা নিৱাসী সৰ্বানন্দ ঠাকুৰীয়াৰ পুত্ৰ হৃদম ঠাকুৰীয়াই সমগ্ৰ ঢেকিয়াজুলিবাসীকে গৌৰৱান্বিত কৰি তুলিছে (HSLC result 2023)।

সেইদৰে চিৰাজুলিৰ শংকৰ কলিতাৰ পুত্ৰ জোনাক কাশ্যপেও অঞ্চলটোৰ লুইত জাতীয় বিদ্যালয়ৰ পৰা এইবাৰৰ পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতী ছাত্ৰ দুগৰাকীৰ এই চমকপ্ৰদ সাফল্যৰ বাবে মন্ত্ৰী সিংহলে তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষাগুৰুসকলকো ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে (Ashok Singhal on HSLC result)।

মেধাৱী ছাত্ৰ দুগৰাকীৰ ভৱিষ্যৎ শিক্ষা জীৱনলৈ অলেখ শুভকামনা জ্ঞাপন কৰি অনাগত দিনবোৰতো প্ৰজ্ঞাৰ জ্যোতিৰে তেওঁলোকৰ জীৱনৰ প্ৰতিটো ঢাপ উজলি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

আনহাতে, ঢেকীয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক উজলাই তোলা সমষ্টিটোৰ কৃতী সন্তান হৃদম ঠাকুৰীয়া আৰু জোনাক কাশ্যপৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় ব্যক্তিগতভাৱে বহন কৰিব বুলি মন্ত্ৰী সিংহলে জানিবলৈ দিছে । তেওঁ লগতে হৃদম ঠাকুৰীয়াই অধ্যয়ন কৰা ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনলৈ বিধায়ক পুঁজিৰ পৰা ২০ লাখ টকা আৰু জোনাক কাশ্যপে অধ্যয়ন কৰা লুইত জাতীয় বিদ্যালয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে ।

অনাগত দিনবোৰতো বিদ্যালয় দুখনে গুণগত মানৱ সম্পদ সৃষ্টিৰে ঢেকীয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰাত আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:HSLC Results 2023: হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান প্ৰাপকসকল

ABOUT THE AUTHOR

...view details