অসম

assam

Militancy Incident in Assam : ৰাজ্যত উগ্ৰপন্থীৰে জড়িত ঘটনা হ্ৰাস পোৱাৰ দাবী কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ

২০১৪ চনৰ তুলনাত ২০২১ চনলৈকে উত্তৰ-পূৰ্বাঞ্চলত ৭৪ শতাংশ উগ্ৰপন্থীৰ লগত জড়িত ঘটনা কমাৰ (Insurgency related incidents in Northeast) লগতে নাগৰিকৰ মৃত্যু ৮৯ শতাংশ আৰু সুৰক্ষা বাহিনীৰ জোৱানৰ আহতৰ সংখ্যা ৬০ শতাংশলৈ কমিছে ।

By

Published : Aug 8, 2022, 7:53 PM IST

Published : Aug 8, 2022, 7:53 PM IST

Miltancy Incident in Assam
Miltancy Incident in Assam

গুৱাহাটী, ৮ আগষ্ট : এসময়ত অশান্তজৰ্জৰ কাশ্মীৰৰ লগত তুলনা কৰা অসমত উগ্ৰপন্থীৰ কাৰ্যকলাপ হ্ৰাস পাইছে‌ । অশান্তজৰ্জৰ উত্তৰ-পূৰ্বাঞ্চল পূৰ্বৰ তুলনাত এতিয়া শান্ত হৈ পৰিছে । ২০১৪ চনৰ তুলনাত ২০২১ চনলৈকে উত্তৰ-পূৰ্বাঞ্চলত ৭৪ শতাংশ উগ্ৰপন্থীৰে জড়িত ঘটনা কমাৰ (Insurgency related incidents in Northeast) লগতে নাগৰিকৰ মৃত্যু ৮৯ শতাংশ আৰু সুৰক্ষা বাহিনীৰ জোৱানৰ আহতৰ সংখ্যা ৬০ শতাংশলৈ কমিছে ।

কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্রণালয়ে (Union Ministry of Home Affairs) যোৱা ৩ আগষ্টত সাংসদ কামাখ্যা প্রসাদ তাচাই সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত এই তথ্য দাখিল কৰিছে (MP Kamakhya Prasad Tacha) । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে দাখিল কৰা তথ্যমতে, উত্তৰ-পূৰ্বাঞ্চলত ২০১৪ চনত প্রাণহানি হোৱাৰ লগতে ২০জন সুৰক্ষা বাহিনীৰ জোৱানৰ প্ৰাণহানি হৈছিল । কিন্তু ২০২১ চনত এই পৰিসংখ্যা ক্রমান্বয়ে কমি ২০৯ টা ঘটনাত ২৩ জন সাধাৰণ নাগৰিক আৰু ৮ জন সুৰক্ষা বাহিনীৰ লোকৰ প্রাণহানি হৈছে (Union Ministry of Home Affairs data to Rajya Sabha) ।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্রণালয়ৰ তথ্যমতে, ২০১৪ চনৰপৰা ২০২২ চনৰ ১৫ জুলাই পর্যন্ত উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন উগ্ৰপন্থী গোটৰ ৬,০৭০ জন সদস্যই ১,৪০৪ টা অস্ত্র-শস্ত্ৰৰ সৈতে আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে । তথ্যমতে, অসমত ২০১৪ চনত ৮২৪ টা, ২০১৫ চনত ৪৭৪ টা , ২০১৬ চনত ৪৮৪ টা , ২০১৭ চনত ৩০৮ টা , ২০১৮ চনত ২৫২ টা , ২০১৯ চনত ২২৩ টা , ২০২০ চনত ১৬৩ টা , ২০২১ চনত ২০৯ টা আৰু আৰু ২০২২ চনৰ জুলাই পৰ্যন্ত ১৩৩ টা উগ্ৰপন্থীৰে জড়়িত ঘটনা সংঘটিত হৈছে ।

ইপিনে অসমত ২০১৪ চনত ২১২ গৰাকী, ২০১৫ চনত ৪৬ গৰাকী, ২০১৬ চনত ৪৮ গৰাকী, ২০১৭ চনত ৩৭ গৰাকী, ২০১৮ চনত ২৩ গৰাকী , ২০১৯ চনত ২১ গৰাকী, ২০২০ চনত ৩ গৰাকী, ২০২১ চনত ২৩ গৰাকী আৰু ২০২২ চনৰ জুলাই পৰ্যন্ত ৬ গৰাকী নাগৰিকক উগ্ৰপন্থীৰ দ্বাৰা হত্যা কৰা হৈছে । আনহাতে, অসমত ২০১৪ চনত ২০ গৰাকী, ২০১৫ চনত ৪৬ গৰাকী, ২০১৬ চনত ১৭ গৰাকী, ২০১৭ চনত ১২ গৰাকী, ২০১৮ চনত ১৪ গৰাকী, ২০১৯ চনত ৪ গৰাকী, ২০২০ চনত ৫ গৰাকী, ২০২১ চনত ৮ গৰাকী আৰু ২০২২ চনৰ জুলাই পৰ্যন্ত এগৰাকী সুৰক্ষা জোৱানক উগ্ৰপন্থীৰ দ্বাৰা হত্যা কৰা হৈছে ।

ইয়াৰ পৰা দেখা যায় যে অসমত উগ্ৰপন্থীৰ সমস্যা হ্ৰাস হৈছে (Insurgency decline in Assam) । উল্লেখ্য, উগ্ৰপন্থীৰ কার্যকলাপ কমিলেও আলফা (স্বাঃ)কে ধৰি বিভিন্ন সংগঠনলৈ বহু যুৱক-যুৱতীৰ গমন হৈ আছে । লক্ষণীয় যে কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্রণালয়ে উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীৰ কার্যকলাপ কমিছে বুলি দাবী কৰিলেও শেহতীয়াকৈ যোৱা ৬ আগষ্টত আলফা (স্বাঃ)ই এক বিবৃতিযোগে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে (ULFA called for boycott Independence Day) । ইপিনে ৰাজ্যত জেহাদী সন্ত্রাসবাদীৰ কার্যকলাপ বাঢ়িছে । এই কথা ৰাজ্য চৰকাৰে স্বীকাৰ কৰিছে ।

লগতে পঢ়ক :National Handloom Day: বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

ABOUT THE AUTHOR

...view details