গুৱাহাটী, 19 অক্টোবৰ : সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী/ সহায়িকা সন্থাই সোমবাৰে আয়োজন কৰে এখন সংবাদমেলৰ ৷ 10 টাকৈ দাবীৰ ভিত্তিত সংবাদমেল সম্বোধন কৰে মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ৷
মাননি বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মীৰ সংবাদমেল
২০১৬ চনতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল মধ্যাহ্ন ভোজন কৰ্মীক জীৱন জুতি আঁচনি প্ৰদান কৰিব আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেয়া কাৰ্যকৰী নহ’ল ৷
উল্লেখ্য যে. সমগ্ৰ ৰাজ্যত মুঠ 1,18,998 গৰাকী ৰান্ধনী আৰু সহায়িকা আছে ৷ মাত্ৰ 1500 টকা পাৰিতোষিকৰ ভিত্তিত এইসকল মধ্যাহ্ন ভোজন কৰ্মীয়ে দীৰ্ঘ বছৰ ধৰি নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি আহিছে ৷ 2016 চনতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল মধ্যাহ্ন ভোজন কৰ্মীক জীৱন জুতি আঁচনি প্ৰদান কৰিব আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেয়া কাৰ্যকৰী নহ’ল ৷ মধ্যাহ্ন ভোজন কৰ্মীসকলৰ দাবী প্ৰতিগৰাকী মধ্যাহ্ন ভোজন কৰ্মীক দৈনিক 320 টকাৰ ভিত্তিত প্ৰতিমাহে 9600 টকা প্ৰদান কৰিব লাগে ৷ এইসকল কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়াই দিয়ে সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী/ সহায়িকা সন্থাই ৷
লগতে পঢ়ক: নলবাৰীত সংৰক্ষিত বনাঞ্চলত ধ্বংস যজ্ঞ স্থানীয় বিধায়কৰ ঘনিষ্ঠৰ