অসম

assam

24 ঘণ্টাত অসম তথা উত্তৰ পূৱত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

By

Published : Sep 24, 2019, 11:58 PM IST

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত ৰাজ্যৰ সামগ্ৰিক বতৰৰ পৰিৱৰ্তনৰ ওপৰত ইটিভি ভাৰতৰ এক প্ৰতিবেদন

উত্তপ্ত গৰমৰ পৰা মহানগৰবাসীক শাত কৰিবলৈ আহি আছে বৰষুণ

গুৱাহাটী, 24 ছেপ্টেম্বৰ : ৰাজ্যৰ কিছু কিছু ঠাইৰ লগতে মহানগৰীত বিগত দুদিনৰ পৰা বৰষুণ দি আছে । এই বৰষুণে উত্তপ্ত গৰমৰ মাজত থকা গুৱাহাটী চহৰখনলৈ কিছু পৰিমাণে হ'লেও নমাই আনিছে শীত । পুনৰ অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়ৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে অৰুণাচল, নাগালেণ্ড, মণিপুৰৰো কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে । ইটিভি ভাৰতৰ সাংবাদিকতাৰ আগত এই তথ্য সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উত্তপ্ত গৰমৰ পৰা মহানগৰবাসীক শাত কৰিবলৈ আহি আছে বৰষুণ

ABOUT THE AUTHOR

...view details