গুৱাহাটী, ২৩ জুলাই : এনএলএফবিৰ(NLFB) মুৰব্বী এম বাথাই বৃহস্পতিবাৰে সদলবলে ওদালগুৰিত আত্মসমৰ্পন কৰাৰ পিছতে শুকুৰবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে উগ্ৰপন্থী নেতাজনে মন্তব্য কৰে যে, তেওঁলোকে আত্মসমৰ্পন কৰা নাই, যুদ্ধবিৰতিহে ঘোষণা কৰিছে ।
একাংশ সংবাদ মাধ্যমেহে এয়া আত্মসমৰ্পন বুলি প্ৰচাৰ চলাইছে বুলি বাথাই ক্ষোভ উজাৰে । উগ্ৰপন্থী নেতাজনে আৰু কয় যে, তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে চৰকাৰক জনোৱা হৈছে আৰু সেই দাবী সমূহ পূৰণ হ'লেহে সম্পূৰ্ণ অস্ত্ৰ শস্ত্ৰ আৰক্ষীক জমা দিব। এই দাবীসমূহৰ ভিতৰত প্ৰধান দাবী হ'ল- এতিয়াও উগ্ৰপন্থী সংগঠনটোৰ যিসকল নেতা-কেডাৰ কাৰাৰুদ্ধ হৈ আছে তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিয়া, ৰঞ্জন দৈমাৰীৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই লোৱা আদি ।
ইপিনে, মূলসূঁতিলৈ ঘূৰি অহা বাথাক স্বাগতম জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এয়া আত্মসমৰ্পন নে যুদ্ধবিৰতি তাকে লৈ উগ্ৰপন্থী নেতাজনে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়া শব্দৰ খেল খেলাটো উচিত নহয় । উল্লেখযোগ্য যে, বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্য়ন ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ NLFBৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙত আত্মসমৰ্পণ (Surrender) কৰে ।