অসম

assam

ETV Bharat / state

গ্ৰন্থমেলাৰ বাকৰিত থাকিব হেলথ্ চিটী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

অহা ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা । এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিব হেলথ্ চিটী হাস্পতালে । বিনামূলীয়াকৈ জৰুৰীকালীন প্ৰাথমিক চিকিৎসা আগবঢ়াৱ হাস্পতালে কৰ্তৃপক্ষই ।

গ্ৰন্থমেলাৰ বাকৰিত মুকলি কৰা হ'ব হেলথ্ চিটী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ
গ্ৰন্থমেলাৰ বাকৰিত মুকলি কৰা হ'ব হেলথ্ চিটী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

By

Published : Dec 7, 2020, 10:03 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ: মহানগৰীৰ চানমাৰিত থকা অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেল পথাৰত অহা ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা । এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত হেলথ্ চিটী হাস্পতালে বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিব । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰকাশন পৰিষদে হেলথ্‌ চিটী হাস্পতালক স্বাস্থ সেৱা সহযোগী হিচাপে দায়িত্ব অৰ্পণ কৰিছে ।

প্ৰকাশন পৰিষদৰ সৈতে হোৱা আলোচনা অনুসৰি হেলথ্‌ চিটী হাস্পতালৰ তৰফৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হৈ থকা দিনকেইটাত মূল প্ৰৱেশদ্বাৰ আৰু কাৰ্যালয় প্ৰাংগনত গ্ৰন্থানুৰাগীসকলৰ হাত ছেনিটাইজ কৰা ব্যৱস্থা কৰিব হাস্পতাল কৰ্তৃপক্ষই । তদুপৰি গ্ৰন্থমেলাৰ বাকৰিত এটি জৰুৰী চিকিৎসা সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব । এই কেন্দ্ৰত বিনামূলীয়াকৈ ৰক্তচাপ জোখা হ'ব আৰু প্ৰয়োজন অনুসৰি জৰুৰীকালীনভাৱে প্ৰাথমিক চিকিৎসাৰ লগতে এম্বুলেন্স সেৱাও প্ৰদান কৰা হ'ব ।সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনায় হেলথ্ চিটী হস্পতালৰ ফেচিলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই ।

লগতে পঢ়ক:ডিফুত বহুভাষী কবি সন্মিলনৰ সফল আয়োজন

ABOUT THE AUTHOR

...view details