অসম

assam

ETV Bharat / state

মহানগৰীত নিৰ্মম ঘটনা ! স্বামী-পুত্ৰৰ অত্যাচাৰৰ বলি এগৰাকী মহিলা ! - গুৱাহাটী

প্ৰথমে দাৰ ঘাপ স্বামীৰ, তাৰ পাচত লাঠিৰে প্ৰহাৰ পুত্ৰৰ । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত আহত মহিলাগৰাকীক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে চিকিৎসাৰ বাবে ।

মহানগৰীত নিৰ্মম ঘটনা !

By

Published : Apr 29, 2019, 10:38 PM IST

Updated : Apr 30, 2019, 12:03 AM IST

গুৱাহাটী,২৯ এপ্ৰিলঃ মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে পত্নীক । জানিব পৰা মতে, মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰৰ বাসিন্দা ৰজনী শৰ্মাই ওচৰৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল । স্বামীৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিব পাৰি পত্নী লিনা শৰ্মাই স্বামীক এই বিষয়ে সোধ-পোচ কৰে । ইয়াতে ক্ষুণ্ণ হৈ স্বামী ৰজনী শৰ্মাই দা লৈ পত্নী লিনা শৰ্মাক উপৰ্যপূৰি ঘপিয়াই ৷ আনহাতে সেই সময়তে সুৰাপায়ী পুত্ৰ কৃষ্ণ শৰ্মায়ো মাতৃক লাঠিৰে প্ৰহাৰ কৰে ।

মহানগৰীত নিৰ্মম ঘটনা !

ভুক্তভোগী মহিলা গৰাকীয়ে স্বামী পুত্ৰৰ কবলৰ পৰা পলাই ওলাই আহি ৰাজপথত বাগৰি পৰে । ততাতৈয়াকৈ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী আৰু ১০৮ এম্বুলেন্স সেৱাক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী লগে লগে আহে যদিও এক ঘণ্টাতকৈ অধিক সময় পিছতো আহি নাপায় এম্বুলেন্স সেৱা । যাৰ বাবে পিচত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত আহত মহিলাগৰাকীক অন্য বাহনত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। ইপিনে আৰক্ষীয়ে পলাতক স্বামী ৰজনী শৰ্মা আৰু পুত্ৰ কৃষ্ণ শৰ্মাক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

Last Updated : Apr 30, 2019, 12:03 AM IST

ABOUT THE AUTHOR

...view details